সত্যতা নিৰূপণঃ নহয়, ট্ৰাকত পোৱা ইভিএমকেইটা অসত্ উপায় অবসম্বন কৰাৰ বাবে নিয়া হোৱা নাছিল। সত্য জানিবলৈ পঢ়ক

0 743

অসম বিধান সভাৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পাছত কাছাৰ জিলাত একাংশ লোকে এখন ট্ৰাকৰ পৰা ইভিএম উদ্ধাৰ কৰা আৰু এই ইভিএমকেইটা অসত্ উপায় অবলম্বনৰ বাবে নি থকা বুলি দাবী কৰা এটা বাতৰি প্ৰচাৰ হৈছে।

পোষ্টটোৰ লিংক ইয়াত আছে।

নিউজ মোবাইলে এই সন্দৰ্ভত অনুসন্ধান কৰে আৰু টাইম এইটৰ ভিডিওৰ এটা লিংক লাভ কৰিলো।ভিডিওটোৰ বাতৰিত কোৱা হৈছে ২য় পৰ্যায়ৰ ভোটগ্ৰহণৰ পাছত, ১ এপ্ৰিলৰ দিনা কাছাৰত ইভিএমৰ অপব্যৱহাৰৰ আৰু এটা ঘটনা ঘটিছিল। ট্ৰাকখনত নিব বিচৰা ইভিএমকেইটা অসত্ উদ্দেশ্যৰে কোনো স্থানলৈ নি থকা হৈছিল বা কোনো গোপন স্থানৰ পৰা অনা হৈছিল।

সত্যতা নিৰূপণ

মূল শব্দৰ ব্যৱহাৰেৰ আমি অনুসন্ধান কৰিলো। এয়া পোহৰলৈ আহিল যে ২য় পৰ্যায়ৰ নিৰ্বাচনৰ আগে পিছে কাছাৰত তিনিটাকৈ ঘটনা ঘটিছিল। ৩০ মাৰ্চৰ দিনা নিৰ্বাচনী কৰ্তব্যৰ বাবে কাছাৰলৈ

যোৱা আৰক্ষীৰ এখন বাছ দুৰ্ঘটনাগ্ৰস্ত হৈছিল, এই দুৰ্ঘটনাত ২জন লোক নিহত হৈছিল, বহুজন আহত হৈছিল। টাইম এইটৰ ৱেবছাইটতো এই ঘটনাৰ বাতৰি প্ৰচাৰ হৈছিল।

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত পাব

নিৰ্বাচনৰ দিনা সন্ধিয়া স্থানীয় ৰাইজে সোণাই সমষ্টিত এখন গাড়ী জব্দ কৰে, য’ত ইভিএম আছিল। এই গাড়ীখন আছিল সমষ্টিটোৰ বিজেপি প্ৰাৰ্থীগৰাকীৰ। এই ঘটনাটোৱে অসমৰ সৰ্বত্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। যিহেতু এই বিষয়ে আমি আলোচনা কৰা নাই, সেয়ে আমি আলোচনা কৰা প্ৰসংগটোলৈ ওভতো। এখন স্থানীয় কাকত আৰু এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাকতত এই প্ৰসংগত বাতৰি প্ৰচাৰ হয়, য’ত জিলা উপায়ুক্ত তথা আৰক্ষী অধীক্ষকে এই ইভিএম সমূহ ৰিজাৰ্ভ অৰ্থাত্ জৰুৰী সময়ত ব্যৱহাৰৰ বাবে ৰখা বুলি কয়। এই ইভিএমসমূহ ব্যৱহাৰ হোৱা নাই বুলিও স্পষ্ট কৰি দিয়ে।

উল্লিখিত পোষ্ট দুটাৰ লিংক ইয়াত আৰু ইয়াত পাব

এই আলোচনাৰ পৰা প্ৰমাণ হয়, পোষ্টত দাবী কৰা ধৰমে ট্ৰাকত জব্দ কৰা ইভিএমকেইটা কোনো বেয়া উদ্দেশ্যৰে নিয়া হোৱা নাছিল। সেয়ে এই দাবী ভুৱা আৰু অযুক্তিকৰ।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799– এই নম্বৰত হোৱাটচ আপ কৰক