সত্যতা নিৰূপনঃ ৰাজস্থানত কেইজনমান মানুহ এটা মে’নহলৰ ভিতৰত পৰি যোৱা ভিডিও এটা চেন্নাইৰ বুলি কোৱা হৈছে

0 100

এটা মেনহলত ৫জন লোক পৰি যোৱা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। এই ঘটনাটো চেন্নাইত সংঘটিত হোৱা বুলি দাবী কৰা হৈছে।

ফেচবুকত ভিডিওটোৰ সৈতে তামিলতে লিখা কেপচনৰ অনুবাদ এনে-  “আপোনাৰ দোকানৰ সন্মুখৰ নতুনকৈ নিৰ্মান কৰা ফুটপাথৰ মেনহলত খোজ কাঢ়োতে সাৱধান হব। কাৰণ এই নিৰ্মাণ কাৰ্য কৰিছে দ্ৰাবিড়ীয় পদ্ধতিৰ চৰকাৰখনে।

ওপৰৰ  পোষ্ট টোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই  সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

ইনভিড টুলৰ সহায়ত আমি ভিডিওটোৰ কীফ্ৰেমৰ ফটো উলিয়াই ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিলো। এই অনুসন্ধানত আমি এবিপি নিউজৰ এটা বাতৰি লাভ কৰিলো, যত একেটা ভিডিও দেখা পালো। বাতৰিটোৰ শিৰোনামত লিখিছে-ৰাজস্থানৰ জয়থালমেৰত ঢাকি থোৱা মেনহল এটাত পাচজন লোক সোমাই পৰে, এই ভিডিওটো সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈছে।”.

আৰু অধিক অনুসন্ধানত আমি একেটা ঘটনাৰ বাতৰি NDTV (এনডি টিভি), Zee News (জি নিউজ)আৰু  One India. (ওৱান ইণ্ডিয়া)ত প্ৰচাৰ হোৱা দেখিলো। এই বাতৰিসমূহত প্ৰকাশ কৰা হৈছে-  “অতিকে ভাৰেল হোৱা এই ভিডিওটো ৰাজস্থানৰ জয়ছালমেৰৰ। এই ঘটনাত এখন দোকানৰ সন্মুখত হঠাত্ ফুটপাথৰ মেনহল ভাঙি পাচজনকৈ লোক পৰি যায়। এই ভিডিওটো দেখাৰ পাছত এক মিনিটলৈ আপুনিও নিজৰ চকুকে বিশ্বাস কৰিব নোৱাৰিব।” 

এই তথ্যৰ পৰাই স্পষ্ট হয়, ভাইৰেল হোৱা ভিডিওটো ৰাজস্থানৰ, চেন্নাইৰ নহয়।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।