সত্যতা নিৰূপনঃ এম্পায়াৰ ষ্টেটৰ ওপৰত দেখা দেৱী কালীৰ ভাইৰেল ফটোখন শেহতীয়া দেৱালীৰ ফটো নহয়

0 267

বহুকেইজন সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কৰ এম্পায়াৰ ষ্টেট বিল্ডিঙৰ কেইখনমান ফটো শ্বেয়াৰ কৰিছে। ফটোত দেৱালী উপলক্ষ্যে অট্টালিকাটোৰ ওপৰৰ ফালে লাইটেৰে দেবী কালীৰ প্ৰতিচ্ছবি সজোৱা দেখা গৈছে।   

ফটোৰ কেপচনত আছে-দীপাৱলী উপলক্ষে নিউইয়র্কৰ এম্পায়ার স্টেট বিল্ডিং’ –অত দেৱী কালীৰ প্রদর্শন ।।” 

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত. আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দি অনুসন্ধান কৰাত আমি অনলাইন ইণ্ডিয়া নিউজ (OneIndia News) ইউটিউব চেনেলত ২০১৫ৰ ১০ আগষ্টত একেখন ফটো আপলোড কৰা দেখিলো। ফটোখনৰ কেপচনত আছে-নিউয়ৰ্কৰ এম্পায়াৰ ষ্টেট বিল্ডিঙত দেৱী কালীৰ শক্তিময় ৰূপ। এই শ্বাসৰুদ্ধকাৰী কলাৰ প্ৰদৰ্শন কৰিছে চলচ্চিত্ৰ নিৰ্মাতা লুই ছিফোইছ আৰু তেওঁৰ দলে এম্পায়াৰ ষ্টেট বিল্ডিঙৰ কেনভাছত। এই কলা প্ৰদৰ্শন কৰা হৈচেল বন্যপ্ৰাণীৰ সংৰক্ষণ আৰু বিপদাপন্ন প্ৰাণীৰ সংৰক্ষণ সন্দৰ্ভত সজাগতা সৃষ্টিৰ লক্ষ্যৰে।

এই ফটোখন ২০১৫ৰ ১০ আগষ্টত দ্য টাইমছ অৱ ইণ্ডিয়া ত প্ৰকাশ পাইছিল, তাৰ শিৰোনামত আছিল-নিউয়ৰ্কৰ এম্পায়াৰ ষ্টেট বিল্ডিঙত দেৱী কালীৰ ৰূপ।

ফাৰ্ষ্ট পোষ্ট তো এই সন্দৰ্ভত বাতৰি প্ৰকাশ পাইছিল। বাতৰিটোত প্ৰকাশ পোৱা অনুসৰি  “এনৰয়ড জোনছ নামৰ শিল্পীগৰাকীয়ে পৰিবৰ্তন, শক্তি আৰু ধ্বংসৰ প্ৰতীক দেৱী কালী অংকণ কৰিছে। ইয়াৰ দ্বাৰা বুজাবৰ চেষ্টা কৰা হৈছে যে মাতৃস্বৰূপা প্ৰকৃতিয়ে নিজৰ প্ৰদূষণ আৰু ধ্বংসৰ বিৰুদ্ধে যুঁজি সংৰক্ষণ, সুৰক্ষাৰ বাবে দেবী কালীৰ দৰে অৱতাৰ লোৱাৰ সময় সমাগত।

সেয়ে, চৰ্চিত হৈ থকা ভাইৰেল পোষ্টৰ দাবী ভিত্তিহীন। .

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।