কেইজনমান মানুহে এগৰাকী মহিলাক লাঠিৰে বেয়াকৈ মাৰপিট কৰি থকা আমনিদায়ক ভিডিও এটা সামাজিক মাধ্যমত ভাইৰেল হৈছে। সামাজিক মাধ্যম ব্যৱহাৰকাৰী একাংশই এই ঘটনা বাংলাদেশৰ কক্স বজাৰৰ, এগৰাকী হিন্দু মহিলাই হিজাব নিপিন্ধাৰ কাৰণে তেওঁক আক্ৰমণ কৰা হৈছে বুলিও অভিযোগ কৰা হৈছে।
ফেচবুকত শ্বেয়াৰ কৰা ভিডিওটোৰ সৈতে কেপচনত লিখা হৈছে: “বাংলাদেশ: কত্তৰ মৌলবাদী সকলে এগৰাকী হিন্দু জনজাতীয় মহিলাই হিজাৱ নিপিন্ধাৰ বাবে কক্স বজাৰত সাগৰ তীৰত মাৰপিট কৰিছে। য’ত হিন্দু, মুছলমান আৰু বৌদ্ধ লোক সংখ্যা গুৰু, সেই ঠাইত ধৰ্ম নিৰপেক্ষতা বাঞ্ছনীয়। আমি ১৮ মিলিয়ন ৱাংলাদেশী হিন্দুক ৰক্ষা কৰাৰ বাবে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।”
ওপৰৰ পোষ্টটো (আৰ্কাইভ) ইয়াত পাব।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্টটোৰ দাবী ভুৱা আৰু বিভ্ৰান্তিকৰ বুলি প্ৰতিপন্ন হয়।
ভাইৰেল ভিডিওটোৰ কী ফ্ৰেম সুক্ষ্মভাবে নিৰিক্ষীণ কৰাত নিউজমোবাইলৰ দলে Channel i নিউজ চেনেলৰ ইউটিউবত ২০২৪ৰ ১৪ ছেপ্তেম্বৰত আপলোড কৰা পূৰ্ণ দৈৰ্ঘৰ ভিডিওটো লাভ কৰিলে। ভিডিওটোৰ বিৱৰণিত উল্লেখ কৰা অনুসৰি ঘটনাটো ট্ৰ হোৱাৰ পাছত মূল অভিযুক্ত মহম্মদ ফাৰুকুলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
প্ৰথম আলো, ঢাকা ট্ৰিবিউন, দৈনিক বাংলা, আজকেৰ পত্ৰিকা আৰু BBC বাংলা কে ধৰি বাংলাদেশৰ বহুকেইটা সংবাদ প্ৰতিষ্ঠানে এই বাতৰিটো পৰিবেশন কৰিছে। তাত উল্লেখ কৰা হৈছে যে ২০২৪ৰ ১১ ছেপ্তেম্বৰৰ দিনা কক্স বজাৰ সাগৰ তীৰত এই ঘটনা সংঘটিত হৈছিল। ভুক্তভোগীগৰাকী ২০ বছৰীয়া তৃতীয় লিংগী আৰোহী ইছলাম বুলি উল্লেখ কৰা হৈছে।
বাতৰিত উল্লেখ কৰা নিশা প্ৰায় ১০ বজাত এজন সংগীৰ সৈতে অনুসৰি সাগৰ তীৰত ঘুৰি ফুৰা আৰোহীক বাংলা দেশৰ আৱামী লীগৰ সদস্য হোৱা বুলি ভুৱা অভিযোগৰ বাবে আক্ৰমণ কৰা হৈছিল।
এনেদৰেই, প্ৰমাণ হয়, ভিডিওটোত উল্লেখ কৰাৰ দৰে আক্ৰমণ হিন্দু মহিলাই হিজাব নিপিন্ধা কৰাৰ বাবে কৰা নাছিল। সেয়ে, ভাইৰেল ভিডিওটোৰ সৈতে থকা দাবীও ভুৱা।