সত্যতা নিৰূপনঃ এই ফটোখনত ঋষি চুনাকৰ সৈতে বিৰাট কোহলীক দেখা গৈছে নেকি? সত্য জানিবলৈ পঢ়ক

0 246

ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী হিচাপে ভাৰতীয় মূলৰ প্ৰথমগৰাকী ব্যক্তিয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে সাজু হৈছে। মঙলবাৰে দেশখনৰ ৰজা তৃতীয় চাৰ্লছক সাক্ষাত্ কৰাৰ পাছত তেওঁক প্ৰধানমন্তৰী হিচাপে নিযুক্তি প্ৰদান কৰিব।

এই ঘোষণাৰ পাছতেই এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাবী কৰা হৈছে যে ফটোখনত শিশু বিৰাট কোহলীক ঋষি চুনাকক দেখা গৈছে। এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ফটোখন শ্বেয়াৰ কৰি লিখিছে- #ঋষিচুনাকৰ সেতৈ #বিৰাটকোহলী

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

ৰিভাৰ্ছ ইমেজ চাৰ্ছৰ সহায়ত অনুসন্ধান কৰাত আমি একেখন ফটো এনডি টিভিত ২০১৭ চনত প্ৰচাৰ হোৱা দেখা পালো। বাতৰিটোত প্ৰকাশ হোৱা অনুসৰি ফটোখনৰ মানুহজন ক্ৰিকেটাৰ আশিষ নেহৰা, ঋষি চুনাক নহয়।

ফটোখনৰ কেপচনত লিখা আছিল- ২০০৩ চনত বিৰাট কোহলীয়ে আশিষ নেহৰাৰ পৰা বংঠা গ্ৰহণ কৰিছে। 

একেখন ফটোকেই  দ্য ফ্ৰী প্ৰেছ জাৰ্নালদ্য ইণ্ডিয়ান এক্সপ্ৰেছ আৰু ইণ্ডিয়া ডট কম ৰ দৰে কেইবাটাও সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। ফটোত স্পষ্টকৈ উল্লেখ আছে যে মানুহজন আশিষ নেহৰা।

 

আমি মিণ্টত প্ৰচাৰিত এটা সাক্ষাত্কাৰো দেখিলো। ২০১৬চনৰ এই সাক্ষাত্কাৰটোত কোৱা হৈছিল যে এই ফটোখন ২০০৩ চনত তেওঁ বিৰাট কোহলীৰ প্ৰশিক্ষক ৰাজ কুমাৰ শৰ্মাৰ নিমন্ত্ৰণ ক্ৰমে তেওঁৰ প্ৰশিক্ষণ কেন্দ্ৰলৈ যোৱাৰ সময়ত সংগ্ৰহ কৰা হৈছিল।

এনেদৰেই এয়া স্পষ্ট হয় যে ফটোখনত বিৰাট কোহলীৰ সৈতে আশিষ নেহৰাৰহে ফটো আছিল আৰু পোষ্টটোত কৰা  দাবী ভুৱা।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।