সত্যতা নিৰূপনঃ অমনোযোগী দৰ্শকৰ এটা সম্পাদিত ভিডিও এটা অমিত শ্বাহৰ সমাবেশৰ সময়ৰ ভিডিও বুলি ভুৱাকৈ প্ৰচাৰ কৰা হৈছে

0 95

অমিত শ্বাহে তেওঁৰ এখন জনসমাবেশত ৰাইজক সমস্বৰে কবলৈ আহ্বান কৰা এটা ভিডিও এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাবী কৰা হৈছে যে ত্ৰিপুৰাৰ এখন জনসভাত ৰাইজক বিজেপিৰ সমৰ্থনত জয়ধ্বনি দি ভোট দিয়াৰ বাবে আহ্বান কৰাৰ পাছতো তাত উপস্থিত ৰাইজে তেওঁৰ কথালৈ মনোযোগ নিদি মৌন হৈ থাকে।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰেল ভিডিওটো  পোষ্ট কৰি কেপনত লিখিছে-শ্বাহে জনসভাৰ পথাৰত ভৰি থৈয়েই অনুমান কৰিছিল যে এইবাৰ ৰাইজে বিজেপিক ভোট নিদিয়ে। বাৰে বাৰে জোৰ জোৰকৈ তেওঁ বিজেপিৰ সমৰ্থনত শ্লগান দিয়াৰ পাছতো কোনোৱে তেওঁৰ কথালৈ গুৰুত্ব নিদিলে।

পোষ্টটো ইয়াত চাব পাৰিব।

ভিডিওটোত লিখা কথাখিনি হল- শ্বাহে জনসভাৰ পথাৰত ভৰি থৈয়েই অনুমান কৰিছিল যে এইবাৰ ৰাইজে বিজেপিক ভোট নিদিয়ে। 

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই  সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

ভিডিওটোৰ কী ফ্ৰেমৰ স্ক্ৰীণশ্বটৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি বিজেপিৰ নিজা চেনেলত ২০২৩ৰ ৫জানুৱাৰীত প্ৰচাৰিত এটা ইউটিব ভিডিও পালো। ভিডিওটোৰ শিৰোনামত আছিল গৃহমন্ত্ৰী অমিত শ্বাহে ত্ৰিপুৰাৰ ছাবৰুমত জন বিস্বাস যাত্ৰাত ভিষণ দিছে।

ভিডিওটোৰ ২১:১৫ মিনিটৰ সময়ৰ পৰ কিছু অংশ ভাইৰেল ভিডিওটোৰ সৈতে মিলে। ভিডিওটোৰ এই অংশত আমি তেওঁক ৰাইজলৈ প্ৰশ্ন কৰা শুনো-আপোনালোকে পদুমৰ চিনত ভোট দিবনে? তেওঁ ৰাইজক আৰু ডাঙৰকৈ চিঞৰিবলৈও আহ্বান জনাইছিল। তাৰ পাছত তেওঁ পুনৰ তেওঁলোকে বিজিপিক ভোট দি মোদী আৰু মানিক শ্বাহৰ বহু সবল কৰিবনে বুলিও প্ৰশ্ন কৰিছিল। তাৰ পাছত তাত উপস্থিত থকা ৰাইজে চিঞৰি সমৰ্থন দিয়াও শুনা গৈছিল।

ভাইৰেল ভিডিওটোৰ একেটা বক্তৃতাৰেই পাছৰ অংশটো শ্বাহৰ নিজা টুইটাৰ হেণ্ডেলত ২০২৩ৰ ৫ জানুৱাৰীত কৰা লাইভ টেলিকাষ্টতো দেখা গৈছিল হৈছিল। 

প্ৰখমতে তেওঁক ভাৰত মাতা কী জয় ধ্বনি দিয়া শুনা গৈছিল। ইয়াৰ বিপৰীতে ৰাইজৰ ফালৰ পৰা ইয়াৰ প্ৰত্যুত্তৰ লাহেকে অহাত তেওঁ পুনৰ কৈছিল যে ছাবৰুমৰ মানুহতকৈ উত্তৰ ত্ৰিপুৰাৰ মানুহৰ মাত অধিক ডাঙৰ। তাৰ পাছত তেওঁ কৈছিল- এনেদৰে কি হব, এবাৰ পুনৰ মোৰ সৈতে চিঞৰি কওক বুলি। এই বুলি কৈ চেওঁ পুনৰ চিঞৰিছিল ভাৰত মাতা কী জয় বুলি।

ইউটিউব আৰু টুইটাৰৰ ভিডিও দুটাৰ পৰা এয়া স্পষ্ট হৈছে যে ভাইৰেল ভিডিওটোৰ প্ৰথম আৰু দ্বিতীয় অংশ এনেদৰে সম্পাদনা কৰি লোৱা হৈছে যাতে এয়া সভাখনৰ ৰাইজে স্বাহৰ কথালৈ কাণসাৰ নিদিয়া যেন লাগে। 

সেয়ে আমি কব পাৰো যে শ্বাহে বিজেপিক ভোট দিবলৈ কোৱাত ৰাইজ মনে মনে থকা বুলি দাবী কৰা ভিডিওটো বিভ্ৰান্তিকৰ।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।