এজন সাংবাদিকক ক্ৰছবিদ্ধ কৰা এখন ফটো সংবাদ মাধ্যমত ভাইৰেল হৈছে। ফটোখন ইংলেণ্ডৰ ষ্ট্ৰীট আৰ্টিষ্ট ৱেংকছীৰ বুলি দাবী কৰা হৈছে। ফটোখনত মানুহজনে সাংবাদিকৰ জেকেট, হেলমেট পৰিধান কৰাৰ লগতে তেওঁৰ ডিঙিত এটা কেমেৰা ওলমি থকা দেখা গৈছে।
ফটোখন ফেচবুকত পোষ্ট কৰি কেপচনত লিখা হৈছে, “গাজাত সাংবাদিক হত্যা সন্দৰ্ভত বেংকছীৰ মনোভাব।”

ওপৰৰ পোষ্ট টোৰ লাংক ইয়াত আছে।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।
সাধাৰণ ভাবে ৰিভাৰ্ছ ইমেজ চাৰ্ছত অনুসন্ধান কৰাত আমি ইজিপ্তৰ শিল্পী-ডিজাইনাৰ হাছান ৰাগবৰ টুইটাৰ হেণ্ডেল লাভ কৰিলো। তাত ২০২৩ৰ ২৪ ডিচেম্বৰত একেখন ফটোকেই প্ৰচাৰ কৰা দেখিলো। ফটোখনৰ কেপচনত সেইখন AI ব্যৱহাৰ কৰি ডিজিটেলৰ সহায়ত বনোৱা বুলি উল্লেখ কৰা আছে।
https://www.instagram.com/hsnrgb/?utm_source=ig_embed&ig_rid=a439b399-d71d-4542-baaf-8628afdda189
আমি একেখন ফটো হাছান ৰাগবৰ নিজা টুইটাৰ হেণ্ডেলতো ফটোখন AIৰ দ্বাৰা নিৰ্মীত বুলি একেই স্পষ্টীকৰণসহ প্ৰচাৰ কৰা দেখিলো।
THIS IS A DIGITAL ARTWORK CREATED USING AI. NOT A REAL PHOTO. Please be mindful if you decide to repost.
The end of the year is all about celebrating the birth of Jesus (it doesn't really matter what you believe. You can always celebrate it, too). Jesus was crucified because he… pic.twitter.com/SMEDJbvOkM
— Hassan Ragab (@HsnRgb) December 24, 2023
ৰয়টাৰে আনকি বেংকছীৰৰ কলা নিৰীক্ষণ কৰা সংস্থা পেষ্ট কণ্টোলৰ সৈতেও যোগা।োগ কৰিলে। তেওঁলোকে ফটোখনৰ সৈতে শিল্পীজনৰ কোনো সম্পৰ্ক নাই বুলি স্পষ্ট কৰি দিয়ে।
এই তথ্যই প্ৰমাণ কৰে যে ভাইৰেল ফটোখন AI-ৰ দ্বাৰা বনোৱা আৰু ব্ৰিটিছ শিল্পী বেংকছীৰ সৈতে কোনো সম্পৰ্ক নাই।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799
