মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ বাইডেন নেতৃত্বাধীন চৰকাৰে প্ৰবজন সম্পৰ্কীয় বিতৰ্কিত শিৰোনাম ৪২ (Title 42) উঠাই দিয়াৰ পৰিপ্ৰেক্ষিতত — মাৰ্কিন-মেক্সিকো সীমান্তত নাগৰিকৰ সুৰক্ষা, আশ্ৰয়ৰৰ বাবে আবেদন বিচাৰি ভিৰ কৰিছে। ২০২০ চনত ট্ৰাস্প প্ৰশাসনে এই আঁচনিখন অবৈধ বুলি ঘোষণা কৰিছিল।
এনে সময়তে সামাজিক মাধ্যমত এখন বিশেষ ফটো ভাইৰেল হৈছে। বহু ব্যৱহাৰকাৰীয়ে এই ফটোখনত অনুপ্ৰবেশৰ বাবে বিদেশী নাগৰিকে মাৰ্কিন সীমান্তত লানি ধৰি থকা বুলি প্ৰচাৰ কৰিছে।
এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰেল পোষ্টটো প্ৰচাৰ কৰি কেপচনত লিখিছে : এয়া @জ’ বাইডেনৰ @হোৱাইটহাউছ আৰু @চেনস্কামাৰ @স্পীকাৰপেলোচি আৰু @দ্য ডেমোক্ৰেটছ @হাউছডেমোক্ৰেটছ @ছিনেটডেমছৰ সমৰ্থনত আৰম্ভ হোৱা নতুন নীতিৰ পাছত সীমান্তত দেখা দিয়া ভিৰৰ দৃশ্য। এই লোকসকলৰ অৰ্থনৈতিক দায়িত্ব কোনে লব? আমেৰিকাৰ কৰদাঁতাসকলে! I ইয়াৰ বাবে মই এপইচাও নিদিও, লাগিলে যি দলৰেই নহওক কিয়, এয়া একেবাৰে দায়িত্বহীন সিদ্ধান্ত!
ওপৰৰ পোষ্টটো ইয়াত.চাব পাব।
সত্যতা নিৰূপন
নিউজ মোবাইলৰ তৰফৰ পৰা উল্লেখিত পোষ্টটো বিশ্লেষণ কৰা হৈছিল আৰু এই পোষ্টটোট দাবী কৰা কথাখিনি অসত্য বুলি প্ৰমাণ হয়।
ভাইৰেল ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি ২০১৮ চনৰ ২৭ ডিচেম্বৰত দ্য গাৰ্ডিয়েন কাকতত প্ৰচাৰিত এটা বাতৰিত কেইখনমান ফটো লাভ কৰিলো। বাতৰিটৰ শিৰোনাম: ২০১৮ চনৰ সৰ্বশ্ৰেষ্ঠ ফটোসমূহ। — আৰু তাৰ নেপথ্যৰ বাতৰি, বছৰটোৰ শ্ৰেষ্ঠ ফটো সাংবাদিক সকলৰ তালিকা প্ৰকাশ পাইছিল।
ফটোবোৰৰ মাজৰ এখনৰ সৈতে ভাইৰেল ফটোখনৰ মিল আছে আৰু ফটো সংগ্ৰহক হিচাপে গিলিমেৰো এৰিয়াছৰ নাম উল্লেখ আছিল। ২০১৮ৰ ২৭ অক্টোবৰৰ ফটোখনত হন্দুৰাৰ নাগৰিকক মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সীমান্তৰে প্ৰবেশ কৰি থকা দেখা গৈছিল।
এজন জাৰ্মান প্ৰকাশক ডাটছে ৱেলে (Deutsche Welle (DW) ) ৰ নামত থকা ৱেব ছাইটটোৰো একে ধৰণৰ এটা বাতৰিতো একেখন ফটো পোষ্ট কৰা দেখা পালো।
ফটোখন প্ৰচাৰ কৰি গেটী ইমেজে সেইখন ২০১৮ চনৰ ২৭ অক্টোবৰৰ দ্য গাৰ্ডিয়ানৰ সৌজন্যত প্ৰচাৰ কৰা বুলি উল্লেখ কৰিছে। ফটো সংগ্ৰাহক হিচাপে ৱেবছাইটোত গিলিমেৰোৰ নাম উল্লেখ কৰিছে আৰু এই ফটোখনৰ সৈতে ভাইৰেল ফটোখনৰ হুবহু মিল আছে।
ফটোৰ বিৱৰণিৰ পৰা স্পষ্ট হয় যে সেইখন দক্ষিণ মেক্সিকোৰ ছেন পেড্ৰো টাপানাটেপেকলৈ যোৱাৰ পথৰ আৰিগাত সংগ্ৰহ কৰা ফটো। উল্লেখ কৰা তাৰিখৰ পৰা স্পষ্ট হয় যে ফটো খন শিৰোনাম ৪২ বাতিল কৰাৰ আগৰে ফটো।
সেয়ে কব পাৰি যে ভাইৰে ফটোখন শিৰোনাম ৪২ বাতিল কৰাৰ আগৰে ফটো। গতিকে ভাইৰেল পোষ্টটোত কৰা দাবীও বিভ্ৰান্তিকৰ।
আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে +91 11 7127 9799– এই নম্বৰত হোৱাটচএপ কৰক