সামাজিক মাধ্যমত প্ৰচাৰ হোৱা এখন ফটোত দাবী কৰা হৈছে যে ফটোখনৰ লোকজন হিমালয় ড্ৰাগছৰ মুখ্য কাৰ্যবাহী বিষয়া মহম্মদ মেনাল। ফটোৰ সৈতে থকা পোষ্টটোত ইয়াকো দাবী কৰা হৈছে যে তেঁওৰ উপাৰ্জনৰ ১০ শতাংশ জেহাদীক প্ৰদান কৰে।
ফটোখনৰ কেপচনত এই বুলি লিখা আছিল: এঁও মহম্মদ মেনাল। হিমালয় আয়ুৰ্বেদিক প্ৰডাক্টৰ এঁও স্বত্বাধিকাৰী। এঁও নিজৰ উপাৰ্জনৰ ১০ শতাংশ জেহাদী সংগঠনক দান কৰে। সেয়ে এতিয়া আপুনি বিচাৰ কৰক আপুনি হিমালয়ৰ সামগ্ৰী কিনিব নে নাই! মই কেতিয়াও হিমালয়ৰ সামগ্ৰী নিকিনো আৰু আপোনাকো এই ক্ষেত্ৰত সহায় কৰিবলৈ অৰ্থাৎ মোৰ সিদ্ধান্তই গ্ৰহণ কৰিবলৈ আহ্বান জনালোঁ। #হিমালয়ৰ সামগ্ৰী#বৰ্জন কৰক।
পোষ্টটোৰ লিংক ইয়াত আছে
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ তৰফৰ পৰা ভাইৰেল হোৱা পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান কৰা হয় আৰু তাত দাবী কৰা কথাখিনি অসত্য বুলি প্ৰমাণ হয়।
ফটোখনৰ ইতিহাস বিচাৰি আমি গুগুলৰ ৰিভাৰ্ছ ইমেজ চেকত দিলো। আমি তেতিয়া ইক’নমিক টাইমচ নামৰ কাকতখনৰ এটা বতৰি দেখিলো। এই বাতৰিৰ সৈতে প্ৰকাশ পাইছিল ফটোখন। ফটোখনৰ লোকজন হিমালয় ড্ৰাগ কোম্পানীৰ চি ই ও অৰ্থাৎ মুখ্য কাৰ্যবাহী বিষয়া ফিলিপ হায়ডনৰ বুলি জানিব পৰা গ’ল।
ইয়াৰোপৰি আমি কোম্পানীটোৰ এটা টুইট পাইছিলো। টুইটটোত সামাজিক মাধ্যমত প্ৰচাৰ হোৱা কথাখিনি সত্য নহয় বুলি কোৱা হৈছে।
কোম্পানীটোৰ ৱেবছাইটত প্ৰকাশ হোৱা অনুসৰি ১৯৩০ চনত এম মানালে (বিজনেছ ষ্টেণ্ডাৰ্ডৰ এটা বাতৰিত প্ৰকাশ পোৱা মতে তেঁওৰ সম্পূৰ্ণ নাম মহম্মদ মানাল) এই কোম্পানীটো প্ৰতিষ্ঠা কৰিছিল; ১৯৮৬ চনত এঁওৰ মৃত্যু হৈছিল।
ওপৰৰ তথ্যখিনিৰ পৰা এয়া স্পষ্ট হ’ল যে ভাইৰেল হোৱা ফটোখনত দাবী কৰা কথাখিনি সত্য নহয়।
If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799
Click here for Latest News updates and viral videos on our AI-powered smart news