ৰাহুল গান্ধীয়ে তেওঁৰ ভাৰত জোড়া ন্যায় যাত্ৰৰ সময়ত ২ মাৰ্চ ২০২৪ত মধ্য প্ৰদেশৰ এখন জন সভাত ভাষণ দিয়ে। এই যাত্ৰা ১৪ জানুৱাৰীৰ দিনা মণিপুৰত আৰম্ভ হৈছিল আৰু ২০ মাৰ্চত মুম্বাইত অন্ত পৰিব বুলি জনাইছে।এই যাত্ৰৰ উদ্দেশ্য ৰাষ্ট্ৰজুৰি জনসম্পৰ্ক স্থাপন কৰা।
এনে সময়তে এটা ভিডিও সামাজিক মাধ্যমত বিশেষ ভাবে প্ৰচাৰিত হৈছে। গান্ধীয়ে হিন্দীতে কংগ্ৰেছ আৰু বিজেপিৰ বৈশিষ্ট সন্দৰ্ভত কৈছে এই ভিডিওটোত। ইয়াত তেওঁ কোৱা শুনা যায়, বিজেপিয়ে ভাৰতক এক কৰাৰ প্ৰচেষ্টা চলাই থকাৰ সময়তে কংগ্ৰেছ জাতি, ধৰ্মৰ নামত দেশখনত বিভাজন অনাৰ চেষ্টা চলাইছে।
ফেচবুকত প্ৰচাৰ কৰা ভিডিওটোৰ কেপচনত লিখা আছে: “মই কৈছিলো নহয়, ৰাহুল গান্ধী ডাঙৰীয়া আমাৰ ষ্টাৰ প্ৰচাৰক আৰু এঁও অকলেই বিজেপিক জিকাবলৈ যথেষ্ট বুলি। এৱ কি বাৰ ৪০০ পাৰ…_#ModiSarkarKiGuarantee”
ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।
মূল শব্দ ব্যৱহাৰ কৰি ইণ্টাৰনেটত অনুসন্ধান কৰাত আমি কংগ্ৰেছৰ নিজা ফেচবুকত মধ্য প্ৰদেশ কংগ্ৰেছে কংগ্ৰেছৰ কেইবাটাও পে’জ আৰু ভিডিও পোষ্ট কৰা দেখা পালো।
ভিডিওৰ কেপচনত গান্ধীয়ে ৰাজহুৱা সভাত দিয়া বক্তৃতাৰ একাংশও সাঙোৰা হৈছে, এইখিনিৰ সৈতে ভাইৰেল ভিডিওটোৰ সম্পূৰ্ণ মিল আছে। ইয়াত ৰাহুল গান্ধীয়ে কৈছে “যোৱা বছৰ আমি ভাৰত জোড়ো যাচ্ৰা কৰিছিলো। তাত আমাৰ সৈতে সহস্ৰজনে খোজ কাঢ়িছিল। সম্প্ৰতি মিডিয়াত বিৰোধীৰ উল্লেখ নাই, সেয়ে আমি নিজেই এই যাত্ৰাৰ সহায়ত ওলাইছো ৰাইজৰ ওচৰলৈ। আজি দেশত হিংসা আৰু মৰমৰ মাজত যুদ্ধ চলিছে। আনহাতে বিজেপিয়ে জাতি, ধৰ্মৰ ভেদাভেদ সৃষ্টি কৰি বিব্ৰান্তি আনিছে, ইয়াৰ বিপৰীতে কংগ্ৰেছ দলে সকলোকে আমৰি একগোট কৰাৰ চেষ্টা চলাইছে।”
তাৰ পাছত আমি ভাৰতীয় জাতীয় কংগ্ৰেছৰ ইউটিউব চেনেলত ২ মাৰ্চত প্ৰকাশ কৰা ভিডিওত ৰাহুল গান্ধীৰ ভাষণৰ পূৰ্ণ ভিডিও দেখিলো। তাৰ শিৰোনামত আছে: “আপোনালোকে বিছি কথা নকব ইয়াতে বহক..” মধ্য প্ৰদেশত ৰাহুল গান্ধীয়ে গোঁজৰিছে।
পূৰ্ণ ভিডিওটোত ৰাহুল গান্ধীয়ে বিজেপিক প্ৰশংসাৰ সলনি ভাৰতক বিভক্ত কৰাৰ বাবে সমালোচনা কৰা দৈখা গৈছে। ভিডিওটোৰ ২.২৯ মিনিটত বিজেপিয়ে জাতিৰ নামত, ধৰ্মৰ নামত দেশখনক বহুধা বিভক্ত কৰা বুলি কোৱাৰ বিপৰীতে কংগ্ৰেছে দেশখনক এক কৰাৰ চেষ্টা কৰিছে বুলি গান্ধীয়ে কৈছে। ভাৰত জোড়া ন্যায় যাত্ৰাৰ উদ্দেশ্য “হিংসাৰ বজাৰত মৰমৰ দোকান খোলাৰ” প্ৰচেষ্টা বুলি প্ৰকাশ কৰিছে।
এই প্ৰমাণ সমূহৰ দ্বাৰাই স্পষ্ট হয় যে কাটি, সম্পাদনা কৰা ভিডিও ক্লিপ এটাকেই ৰাহুল গান্ধীয়ে বিজেপিক প্ৰশংসা কৰা বুলি প্ৰচাৰ কৰা হৈছে।