সত্যতা নিৰূপণ: লোকসভা নিৰ্বাচনৰ বাবে পূঁজি সংগ্ৰহৰ বাবে কংগ্ৰেছে ছোনীয়া গান্ধীৰ মুখৰ ফটোQR Codeত ব্যৱহাৰ কৰা নাছিল

0 296

১৮ ডিচেম্বৰত কংগ্ৰেছ দলে ২০২৪ৰ লোক সভা নিৰ্বাচনৰ বাবে “দেশৰ বাবে দান কৰক” শীৰ্ষক দেশজুৰি ৰাজহুৱা পুঁজি সংগ্ৰহ অভিযান আৰম্ভ কৰিছে। এই অভিযানৰ সৈতে ছোনীয়া গান্ধীৰ ফটোসহ এটা A QR code সংলগ্ন কৰা হৈছে। এই ফটোসহ এটা পোষ্ট শেহতীয়াকৈ সামাজিক মাধ্যমত প্ৰচাৰ হৈছে, তাৰ কেপচনত আছে “কালিলৈ যিসকলে #ডিজিটেল_ইণ্ডিয়াক লৈ ঠাট্টা কৰিছিল তেওঁলোকেই আজি ডিজিটেল ডিজিটেল মাধ্যমেৰে ভিক্ষা খুজিছে। … কিন্তুকেওঁলোকৰ কৰ্মৰ কথা কথা মোৰ মনলৈ আহিছে।”.

ওপৰৰ পোষ্টটো ইয়াত পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

একেধৰণৰ কী ৱৰ্ড ব্যৱহাৰ কৰি অনুসন্ধান কৰোত নিউজ মোবাইল ৰ দলে কংগ্ৰেছ পাৰ্টীৰ টুইটাৰ একাউণ্টত প্ৰকৃত QR code ৰ ফটো দেখা পায়। ফটোখন ২০২৩ৰ ২৮ ডিচোম্বৰত শ্বেয়াৰ কৰি কেপচনত লিখিছে: “আজিৰ গুৰুত্বপূৰ্ণ জাননী, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাৰ দিনটোত নাগপুৰৰ মহাৰেলীৰ চকীৰ পাছফালে বাৰক’ড লগাই থোৱা হৈছে। বাৰক’ড স্কেন কৰি আপোনালোকে ₹১৩৭, ₹১৩৮০, ₹১৩৮০০, ₹১৩৮,০০০, বা তাতোধিক টকা আপুনি ভাৰতীয় জাতীয় কংগ্ৰেছলৈ বৰঙণি আগবঢ়াব পাৰিব।” মূল ফটোখনত থকা QR codeত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নিৰ্বাচনী চিহ্নৰ ফটোহে দেখা গৈছে।

আমি ইকনমিক টাইমছ ৰ এটা ইউটিউব ভিডিওতো QR codeৰ ফটো দেখা পালো, কিন্তু তাত ছোনীয়া গান্ধীৰ ফটো নাছিল।

ভাইৰেল পোষ্টটো সুক্ষ্মভাবে নিৰীক্ষণ কৰাত আমি তাত @memebhaimbbs ইউজিৰ নাম দেখিলো। এইটো হৈছে মীম শ্বেয়াৰ কৰা এটা টুইটাৰ প্লেটফৰ্ম। এই একাউণ্টটোত ভাইৰেল পোষ্টটো ১৮ ডিচেম্বৰ ২০২৩তেই প্ৰচাৰ হৈছিল।

এই তথ্যৰ পৰাই ভাইৰেল হোৱা দাবীটো ভুৱা বুলি প্ৰমাণ হৈছে।