সত্যতা নিৰূপণ: মিছা কথা, মোছাদৰ মুৰব্বীয়ে হামাছৰ নেতাক বধ কৰাৰ পাছত নচা নাছিল

0 21

এটা কোঠাৰ ভিচৰলৈ এজন লোক সোমাই গৈ নাচিবলৈ ধৰা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। মানুহজন কোঠাটোৰ ভিতৰত সোমোৱা মাত্ৰকেই জঁপিয়াই আনন্দ প্ৰকাশ কৰিছিল, কোঠাটোৰ ভিতৰত উপস্থিত থকাসকলেও তেওঁৰ আনন্দত যোগ দিছিল। বহুতে দাবী কৰিছে, ভিতৰলৈ সোমাই যোৱা লোকজন ইজৰাইলৰ চোৰাংচোৱা বিভাগ মোছাদৰ মুৰব্বী, তেওঁক কোঠাটোত উপস্থিত থকাসকলেও অভিনন্দন জনাইছিল।

ফেচবুক ব্য়ৱহাৰকাৰী এজনে ভাইৰেল ভিডিওটো  পোষ্ট কৰি  (আৰ্কাইভ লিংক) কেপচনত লিখিছিল 

হামাছৰ মুৰব্বীক মৰাৰ পাছত পুৱা মোছাদৰ মুৰব্বী কাৰ্যালয়ত সোমোৱাৰ পাছৰ দৃশ্য এয়া। 

আপুনি এই পোষ্টটো  ইয়াত পাব। 

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই দাৱী ভুৱা বুলি প্ৰতিপন্ন কৰে।

ভিডিওৰ কী প্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত নিউজ মোবাইলৰ  দলে ইউনিভাৰ্ছিটি অৱ নৰ্থ কেলিফৰ্ণিয়াৰ বাছকেট বলৰ দল তাৰ হিলছ’, এ ২০১৬ৰ ৬ মাৰ্ছত আপলোড কৰা এটা  YouTube ভিডিও দেখা পালে। এয়াৰ ভিডিওৰ সৈতে ভাইৰেল ক্লিপটোৰ বহু মিল আছে। তাৰ বিৱৰণিত আছে যে ২০১২ৰ পাছত প্ৰথম বাৰৱৈ ডিউকত বিজয়ী হোৱাৰ পাছত লকাৰ ৰূমত দলৰ সদস্যসকলৰ বিজয় উত্সব। 

কেল্ফৰ্ণিয়া বাস্কেট বলৰ টুইটাৰ হেণ্ডেলতো ২০১৬ৰ ৫ মাৰ্চত টুইট কৰা এখন ফটো পালো। এই ভিডিও আৰু ফটো দেখাৰ পাছত ভিডিওটোৰ সৈতে হামাছ নেতাক বধ কৰা ঘটনা বা মোছাদৰ মুৰব্বী ডেভিড বাৰ্ণিভাৰ সৈতে কোনো সম্পৰ্ক নাই। 

এনেদৰেই ভিডিওটোত দাবী কৰাৰ দৰে হামাছৰ নেতাক বধ কৰাৰ পাছত মোছাদৰ মুৰব্বীয়ে নচা কথাটো অসত্য বুলি প্ৰমাণ হয়।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799

Error: Contact form not found.

Click here for Latest Fact Checked News On NewsMobile WhatsApp Channel