সত্যতা নিৰূপণ: মধ্য প্ৰদেশৰ আৰক্ষীৰ আতিশায্যৰ পুৰণি ভিডিওকেই বৰ্তমানৰ বিজেপি চৰকাৰৰ দিনৰ ভিডিও বুলি প্ৰচাৰ কৰা হৈছে

0 90

বাতৰি কাকতৰ পৰা কাটি উলিওৱা এটা বাতৰি সামাজিক মাধ্যমত বহুল প্ৰচাৰ হৈছে, ইয়াৰ সৈতে কোৱা হৈছে যে যি সময়ত বিজেপি চৰকাৰে দ্ৰৌপদী মুৰ্মূৰ দৰে জনজাতীয় মহিলাক ৰাষ্ট্ৰপতিৰ দৰে আসনত বহুৱায়, সেই সময়তে মধ্য প্ৰদেশত আৰক্ষীয়ে একাংশ জনজাতীয় লোকক জোৰকৈ প্ৰস্ৰাব খাবলৈ বাধ্য কৰাইছে।

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা  এই পোষ্টটোৰ দাবী সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

আৱশ্যে পেপাৰ কাটৰ ফটোখন ভালকৈ লক্ষ্য কৰাত বাতৰিটোৰ ওপৰত ১৪ আগষ্ট ২০১৪ বুলি লিখা দেখিলো।

দ্য ইণ্ডিয়ান এক্সপ্ৰেছ ত ২০১৯ চনৰ ১৩ আগষ্টত প্ৰকাশিত বাতৰিতো একেটা ঘটনা প্ৰকাশ হৈছে।

বাতৰিটোত প্ৰকাশ পোৱা মতে থানাত ৫জন জনজাতীয় লোকক অমানুষিকভাবে মাৰপিট কৰাৰ অভিযোগত মধ্য প্ৰদেশৰ আলিৰাজপুৰৰ নানপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসহ চাৰিজন আৰক্ষীক নিলম্বিত কৰে। আৰক্ষীৰ লোককেইজনৰ বিৰুদ্ধে উত্থাপিত অভিযোগ মতে এঁওলোকে জনজাতীয় লোক কেইজনে পানী খাবলৈ বিচৰাত প্ৰস্ৰাব খাবলৈ বাধ্য কৰোৱা হৈছিল। জনজাতীয় যুবককেইজনৰ দেহত আঘাতৰ চিন স্পষ্ট আছিল। ২০১৯ চনৰ এই ঘটনাৰ বিষয়ে কেইবাটাও বাতৰি প্ৰচাৰ হৈছিল। 

যদিও মধ্য প্ৰদেশৰ ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দল জয়ী হৈ ক্ষমতা দখল কৰিছিল কিন্তু পাছলৈ ২০২০ চনত কেইবাজনো বিধায়কে কংগ্ৰেছ ত্যাগ কৰি শিবৱৰাজ সিং চৌহান নেতৃত্বাধীন বিজেপি  চৰকাৰ ক্ষমতালৈ অহাৰ বাট সুগম কৰিলে। এনেদৰেই এয়াই প্ৰমাণ হয় যে ঘটনাটো কংগ্ৰেছ দলৰ শাসনৰ সময়ত সংঘটিত হৈছিল।  

এনেদৰেই স্প,্ট হয়, মধ্যপ্ৰদেশৰ আৰক্ষীৰ অত্যাচাৰৰ পুৰণি ভিডিও এটাকেই বিজেপি শাসিত চৰকাৰৰ দিনৰ ঘটনা বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছিল।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।