সত্যতা নিৰূপণ: ভাইৰেল ভিডিওটোত ইউক্ৰেইনে ৰাছিয়াৰ সৈন্যৰ ওপৰত ড্ৰোণেৰে আক্ৰমণ কৰিছে নেকি? সত্য জানিবলৈ পঢ়ক

0 252

সেনা বিহিনীৰ ওপৰত ড্ৰোণেৰে আক্ৰমণ চলোৱা এটা ভিডিও শেহতীয়াকৈ সামাজিক মাধ্যমত বহুল প্ৰচাৰ হৈছে। দাবী কৰা হৈছে যে এই ভিডিওটো ইউক্ৰেইন-ৰাছিয়া যুদ্ধৰ আৰু ইউক্ৰেইনে ৰাছিয়াৰ সেনাৰ ওপৰত ড্ৰোণেৰে আক্ৰমণ চলোৱাৰ দৃশ্য বিডিওটোত দেখা গৈছে।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে এই ভাইৰেল ভিডিওটো পোষ্টটো প্ৰচাৰ কৰি কেপচনত লিখিছে : ইউক্ৰেইনত উপস্থিত হোৱা মোবিকৰ দল এটাক বিপুল আদৰণি জনোৱা হয়। অধিক জানিবলৈ ইয়াৰ আগৰ পোষ্ট চাওক।

এই পোষ্টটো ইয়াত চাব পাৰিব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই  সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো বিভ্ৰান্তিকৰ বুলি প্ৰতিপন্ন হয়।

ভিডিওটোৰ কী ফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি ভাইৰেল পোষ্টটোৰ ভিডিওটো 

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বেই ২০২০ৰ ১৩ অক্টোৱৰত প্ৰচাৰ হোৱা এটা ইউটিউব ভিডিওত দেখা পালো।   

তাৰ বিৱৰণিত উল্লেখ কৰা অনুসৰি এয়া আজাৰ্বেইজানিৰ আমেৰিকাৰ সৈন্যৰ ওপৰত ড্ৰোণ আক্ৰমণৰ দৃশ্য। 

আমি মূল শব্দ প্ৰয়োগ কৰি গুগলত অনুসন্ধান কৰাত আমি টুৰস্কৰ এটা সংবাদ ৱেব ছাইট হাবেৰত ২০২১ৰ ৫ এপ্ৰিলত প্ৰকাশিত এটা বাতৰি লাভ কৰিলো, তাৰ শিৰোনাম হ: ছেলচাক বেয়ৰাক্টৰ (Selçuk Bayraktar): “মানববিহীন অস্ত্ৰ আহি আছে

বাতৰিটোৰ সৈতে আজাৰ্বেইজানিৰ সেনাৰ সামৰিক প্ৰযুক্তিৰ প্ৰবন্ধক কাৰাবাখ অৰ্ডাৰসন্মান পোৱা চেলছুক বেয়ৰাক্তৰ সৈতে এটা দীঘলীয়া সাক্ষাত্কাৰ প্ৰকাশ পাইছে।ভাইৰেল হোৱা ভিডিওটোৰ কী ফ্ৰেম কেইটামানৰ সৈতে এই ভিডিওটোৰ কিছু কিছু অংশৰ হবহু মিল আছে।

যিহেতু ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ ২০২২ৰ ফেব্ৰুৱাৰীতহে আৰম্ভ হৈছিল সেয়ে এই ভিডিওটো ইউখ্ৰেইন যুদ্ধৰ সময়ৰ হবই নোৱাৰে।

সেয়ে শেষত কব পাৰি যে এই ভিডিওটো সম্পূৰ্ণ বিভ্ৰান্তিকৰ।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।