লছ এঞ্জেলেছত শেহতীয়াকৈ সংঘটিত বিধ্বংসী বনজুইৰ ঘটনাৰ সময়তে অগ্নিকাণ্ড বিধ্বস্ত অঞ্চল এটাৰ কাষত অক্ষুন্ন হৈ থকা ৰঙা চাদৰ ঘৰ এটাৰ এখন বিশেষ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাবী কৰা হৈছে যে এই ঘৰটো কেলিফোৰ্ণিয়াৰ এটা মছজিদ, বন জুয়েও ইয়াৰ কোনো ক্ষতি সাধন কৰিব পৰা নাছিল।
ফটোখন ফেচবুকত শ্বেয়াৰ কৰি কেপচনত লিখিছে: “এয়াই সৰ্ব শক্তিমানৰ মহিমা। . সৰ্বশক্তিমান আল্লাই আমেৰিকাৰ অগ্নিকাণ্ডত এই মছজিদটো অক্ষুন্ন কৰি ৰাখিলে। আল্লাই যি কোনো কামেই কৰিব পাৰে। __আল্লাত_ বিশ্বাস ৰাখক।”
ওপৰৰ পোষ্টটোৰ (আৰ্কাইভ) লিংক ইয়াত পাব।
সত্যতা নিৰূপণ
নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই দাবী ভুৱা বুলি প্ৰতিপন্ন কৰে।
.
ফটোখন সম্বন্ধে গুগলত অনুসন্ধান কৰাত নিউজ মোবাইলে একেখন ফটো ২০২৩ চনৰ ৮ আগষ্টত পাৱাইৰ লাহাইনাত সংঘটিত মাউই বন জুইৰ ঘটনাৰ বাতৰিত সংলগ্ন কৰা দেখা পালে। বাতৰিটোত স্পষ্ট হয়যে ফ্ৰণ্ট ষ্টীটৰ ২৭১ নং ঘৰটো ট্ৰিপ মিল্লিকিন আৰু তেওঁৰ পত্নী ডোৰা এটৱাৰ মিল্লিকিনৰ। এই দম্পত্তীয়ে ঘৰটো অক্ষুন্ন থকাৰ সন্দৰ্ভত কয় যে অলপতেঘৰটো মেৰামতি কৰাৰ সময়ত চাদত তেওলোকে এবিধ বিশেষ ধাতু ব্যৱহাৰ কৰিছিল। ইয়াৰোপৰি ঘৰৰ কাষত থকা গছ গছনিবোৰো কাটি দিয়াৰ লগতে ঘৰটোৰ চৌহদত নৈৰ পৰা অনা শিল ছটিয়াই দিছিল।
ঘৰটো দেখাত অক্ষত থকা য়েন লাগিলেও ঘৰটোৰ ৰং শেঁতা পৰা, পিভিচি পাইপ গলি যোৱাৰ দৰে কেতবোৰ ক্ষতিৰ চিন দেখা গৈছে। ,২২০০০ ঘৰ ধ্বংস হোৱা, প্ৰায় ১০০ লোক মৃত্যুমুখত পৰা অগ্নিকাণ্ডৰ ঘটনাটো সন্দৰ্ভত বাতৰি পৰিবেশন কৰা সাংবাদিকজনে আলোচিত ফটোখন AFP সংবাদ গোষ্ঠীৰ পেট্ৰিক টি ফেলনে ২০২৩ৰ ১০ আগষ্টত তুলিছিল।
উপগ্ৰহৰে তোলা ফটোৰ জৰিয়তে এয়া স্পষ্ট হয় যে ৰঙা চাদৰ ঘৰসহ অগ্নিকাণ্ড সংঘটিত হোৱা অঞ্চলটো লাহানিয়াৰ।
এনেদৰেই এয়া স্পষ্ট হয়, ভাইৰেল ফটোখন কেলিফোৰ্ণিয়াৰ মছজিদৰ ফটো নহয়, ২০২৩ত মাউইত হোৱা বনজুইত সুৰক্ষিত ব্যৱস্থা ব্যৱহাৰ কৰি সজোৱা ৰঙা চাদৰ ঘৰটোৰহে ফটো।