সত্যতা নিৰূপণ: বন্দে ভাৰত এক্সপ্ৰেছত আক্ৰমণ চলোৱা ভাইৰেল ভিডিওটো অন্ধ্ৰ প্ৰদেশৰহে, কেৰালাৰ নহয়

0 549

কেৰালাৰ মালাপ্পুৰম জিলাৰ থিৰুনাভায়া আৰু তিৰুৰৰ মাজেৰে যোৱা বন্দে ভাৰত এক্সপ্ৰেছ  কিছুদিন পূৰ্বে মুকলি কৰা হয়। এনে সময়তে ভঙা আইনাৰ এখন ৰেলৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাবী কৰা হৈছে, এই ঘটনা কেৰালাত সংঘটিত হৈছিল।

ফটোখন ফেচবুকত প্ৰচাৰ কৰি কেপচনত লিখা হৈছে: “স্বাক্ষৰতাত আগবঢ়া! তথ্য লাভত পিছপৰা! তবন্দে ভাৰত ৰেলত আক্ৰমণ। এই ঘটনা মালাপ্পুৰমৰ।”  

ওপৰৰ  পোষ্টটোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো বিভ্ৰান্তিকৰ বুলি প্ৰতিপন্ন হয়।

আমি ৰিভাৰ্ছ ইমেজ চাৰ্ছত অনুসন্ধান কৰাত ২০২৩ৰ ১২ জানুলাৰীত দ্য নিউজ মিনিটত প্ৰচাৰিত এটা বাতৰি লাভ কৰিলো।  বাতৰিটোৰ শিৰোনাম আছিল-  “যাত্ৰাৰম্ভৰ কেইদিনমান পূৰ্বেই ভাইজাগত বন্দে ভাৰত এক্সপ্ৰেছত শিলাবৰ্ষণ।

এএনআই (ANI )ৰ তৰফৰ পৰাও ২০২৩ৰ ১১ জানুৱাৰীত টুইট যোগে এটা ভিডিও আপলোড কৰা হৈছিল। তাত একে ধৰণৰ দৃশ্যই দেখা গৈছিল, তাত লিখা আছিল-  “অন্ধ্ৰ প্ৰদেশ | ১৯ জানুৱাৰীত প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিবলগীয়া বিশাখাপট্টনমত বন্দে ভাৰত এক্সপ্ৰেছত শিলাবৰ্ষণ। ঘটনাৰ অনুসন্ধান চলি আছে।

কেৰালাৰ মালাপ্পুৰমত বন্দে ভাৰত এক্সপ্ৰেছত শিলাবৰ্ষণৰ এটা বাতৰি মনোৰোমা নিউজ ত প্ৰকাশ পাইছিল। তাত লিখা আছিল-মালাপ্পুৰমৰ তিৰুনাভাইয়াৰ সমীপত বন্দে ভাৰত এক্সপ্ৰেছত শিলাবৰ্ষণৰ ঘটনা। এজন যাত্ৰীয়ে ৰেলৰ কাচ ভঙা দেখা পাই জ্ৰাইভাৰক জনায়। আৰক্ষী আৰু ৰেল আৰক্ষীয়ে এই সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে।কিন্তু বাতৰিৰ সৈতে দিয়া ফটোখন ভাইৰেল পোষ্টটোৰ দৃশ্যৰ সৈতে একেই নহয়। 

এই তথ্যই স্পষ্ট কৰি দিয়ে যে বন্দে ভাৰত এক্সপ্ৰেছত আক্ৰমণৰ ঘটনাটো ভাইৰেল পোষ্টটোত দাবী কৰাৰ দৰে কেৰালাত সংঘটিত হোৱা নাছিল, অন্ধ্ৰ প্ৰদেশতহে হৈছিল।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছেতেন্তে  +91 11 7127 9799 এই নম্বৰত হোৱাটচএপ কৰক