সত্যতা নিৰূপণ: প্ৰধানমন্ত্ৰী মোদীয়ে ৰবীন্দ্ৰনাথ ঠাকুৰৰ ফটোখন ওলোটাকৈ ধৰা বুলি দাবী কৰা পোষ্টটো ভুৱা

0 1,437

পশ্চিমবংগৰ বাৰাকপুৰেৰ ভাৰতীয় জনতা পাৰ্টীৰৰ সদস্য এজনে উপহাৰ স্বৰূপে দিয়া ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিত্ৰ এখন প্ৰধানমন্ত্ৰী মোদীয়ে ওলোটাকৈ ধৰা বুলি দাবী কৰি প্ৰচাৰ কৰা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। ১৭ ছেকেণ্ডৰ ভিডিওটোত পশ্চিমবংগৰ ভটপাৰা বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক পবন সিঙে প্ৰধানমন্ত্ৰীক ৰবীন্দ্ৰনাথ ঠাকুৰৰ এখন স্কেচ্ছ উপহাৰ হিচাপে প্ৰদান কৰা দেখা যায়। কাষত পশ্চিমবংগ বিজেপিৰ সভাপতি সুকান্ত মজুমদাৰ আৰু তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী নেতা অৰ্জুন সিঙকো দেখা গৈছে। পবন সিঙে স্কেচ্ছখন ওলোটাকৈ প্ৰদান কৰিছিল।

ফেচবুক পোষ্টটোত আছে: “আজি বাৰাকপুৰেৰ ৰেলীত প্ৰধানমন্ত্ৰী @নৰেন্দ্ৰমোদীৰ চাবলগীয়া ভিডিও! প্ৰধানমন্ত্ৰী মোদীয়ে বিজেপিৰ বিধায়ক পবন সিঙে উপহাৰ দিয়া কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰোট্ৰেইটখন ওলোটাকৈ ধৰিছে। এঁওলোকেই বোলে বঙালীৰ হৃদয়ত স্থান লব।

ওপৰৰ পোষ্টটো ইয়াত  (আৰ্কাইভ) চাব পাৰিব।

সত্যতা নিৰূপণ

নিউজ মোৱাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই দাৱী ভুৱা বুলি প্ৰতিপন্ন কৰে।

ভিডিওৰ কী ফ্ৰেমৰ ফটো ৰিভাইজ উমেজ চাৰ্ছত দিয়াত নিউজ মোবাইল ৰ দলে ভিডিওটোৰ প্ৰধানমন্ত্ৰী মোদীৰ ইউটিউব চেনেলত ২০২৪ৰ ১২ মেত পূৰ্ণ দৈৰ্ঘৰ মূল ভিডিও আপলোড কৰা দেখা পালে। ভিডিওটোত প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিমবংগৰ কাৰাকপুৰেৰ জনসভাত ভাষণ দি থকা দেখা গৈছে। ভিডিওটোৰ ২.৩৯ মাৰ্কত প্ৰধানমন্ত্ৰী মোদীয়ে ঠাকুৰৰ ছবিখন ওপৰলৈ তুলি ফটো তোলাৰ বাবে প’জ দিয়া দেখা গৈছে।

 

ইয়াত প্ৰধানমন্ত্ৰী মোদী আৰু মজুমদাৰক হাতত ঠাকুৰৰ স্কেচ্ছ লৈ থকা পবন সিঙক মঞ্চলৈ আমন্ত্ৰণ জনোৱা দেখা গৈছে। তেওঁ স্কেচ্ছখন আগবঢ়াই মোদীৰ সৈতে কথা পাতি থকা সময়ত স্কেচ্ছখন ওলোটাকৈ লৈ থকা বুলি মন কৰা নাছিল।অলপ সময় পাছতে মজুমদাৰে ভুলটো বুজি পালে আৰু সিঙক ফটোখন ওলোটাই লৈ শুদ্ধকৈ ধৰিবলৈ ইংগিত দিলে। তাৰ পাছত আটায়ে স্কেচ্ছখন শুদ্ধভাবেই ওপৰলৈ তুলি ধৰিছিল।

তলত ভাইৰেল ক্লিপ আৰু মূল ক্লিপটোৰ মাজত ৰিজনি দেখুওৱা হৈছে।

শেষত, এই তথ্যসমূহৰ পৰা এয়া স্পষ্ট হয়, প্ৰধানমন্ত্ৰী মোদীয়ে ৰবীন্দ্ৰনাথ ঠাকুৰৰ স্কেচ্ছ ওলোটাকৈ ধৰি থকা বুলি কৰা দাবী বিভ্ৰান্তিকৰ।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799

    FAKE NEWS BUSTER

    Name

    Email

    Phone

    Picture/video

    Picture/video url

    Description

    Click here for Latest Fact Checked News On NewsMobile WhatsApp Channel