সত্যতা নিৰূপণ: পাকিস্তান প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়- PMOই ইৰাণৰ শেহতীয়া আক্ৰমণ সন্দৰ্ভত বাতৰি পৰিবেশন নকৰিবলৈ সংবাদ মাধ্যমক নিৰ্দেশ দিছে নেকি? সত্য জানিবলৈ পঢ়ক

0 1,205

পাকিস্তান প্ৰধানমন্ত্ৰী কাৰ্যালয় (PMO)ৰ বুলি দাবী কৰা এখন পত্ৰৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। এই পত্ৰখনৰ মতে PMOই পাকিস্তানত অলপতে সংঘটিত হোৱা  ইৰাণৰ আক্ৰমণ ত সন্দৰ্ভত বাতৰি প্ৰচাৰ নকৰিবলৈ দেশখনৰ সংবাদ মাধ্যমক নিৰ্দেশ দিছে লগতে সংঘৰ্ষগ্ৰস্ত অঞ্চলসমূহলৈ সংবাদ মাধ্যমৰ প্ৰৱেশো নিষিদ্ধ কৰিছে।  

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰেল পোষ্ট টো প্ৰচাৰ কৰি কেপচনত লিখিছেপিছত কব কেইডালমান গছ বাগৰিছিল আৰু কেইটামান কাউৰী ম@ৰিছিল, বৰ বেছি লোকচান হোবা নাছিল। | Iran Airstrikes

পোষ্টটো ইয়াত চাব পাৰিব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

চিঠিখনত তাৰিখ ১৭ জানুৱাৰী, ২০২৪ বুলি উল্লেখ কৰা দেখি আমি পাকিস্তান (PMO)ৰ ৱেবছাইটত অনুসন্ধান কৰিলো, তাত তেনে কোনো পত্ৰ দেখা নাপালো।

পাকিস্তান চৰকাৰৰ  চৰকাৰী X হেণ্ডেল তো পাকিস্তান চৰকাৰে এই ঘটনা সন্দৰ্ভত কোনো টুইট প্ৰচাৰ কৰা নাই। হেণ্ডলৰ শেষৰ পোষ্টটো ১৭ জানুৱাৰী ২০২৪ আছিল যদিও সেয়া ভাইৰেল জাননী বা পত্ৰখন নাছিল।

শেষত আমি পাকিস্তান তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় (MoIB)য়ে প্ৰচাৰ কৰা এটা টুইট লাভ কৰিলো। তাত এই জাননী বা পত্ৰখন ভুৱা বুলি স্পষ্ট কৰি দিয়া হৈছে। চৰকাৰে তেনে কোনো নথি প্ৰকাশ কৰা নাই।

 

সেয়ে, এই তথ্যসমূহৰ পৰাই কব পাৰি যে ভাইৰেল পোষ্টটোত উল্লেখ কৰাৰ দৰে পাকিস্তান PMOই দেশখনৰ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা নিৰ্দেশনামূলক পত্ৰখন ভুৱা।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799

    FAKE NEWS BUSTER

    Name

    Email

    Phone

    Picture/video

    Picture/video url

    Description

    Click here for Latest News updates and viral videos on our AI-powered smart news