সত্যতা নিৰূপণ: টুথপেষ্টৰ ৰঙীণ বাকচটোত থকা ৰঙে প্ৰাকৃতিক উপাদানৰ ৰং বুজায় নেকি? সত্য জানিবলৈ পঢ়ক

0 194

সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰা হৈছে, য’ত এই বুলি দাবী কৰা গৈছে যে টুথপেষ্টৰ বাকসত সন্নিবিষ্ট কৰা ৰংবোৰে প্ৰাকৃতিক ভাবে উপলব্ধ উপাদানক বুজায়।
ফেচবুক পোষ্টটোত এই বুলি কোৱা হৈছে: টুথপেষ্টৰ বাকচত দিয়া বিভিন্ন ৰঙৰ অৰ্থ
ক’লা: সম্পূৰ্ণ ৰাসায়নিক
ৰঙা: প্ৰাকৃতিক + ৰাসায়নিক
সেউজীয়া: প্ৰাকৃতিক
নীলা: প্ৰাকৃতিক+ দৰব


ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে
তেনে আৰু পোষ্টৰ লিংক ইয়াত, ইয়াত আৰু ইয়াত আছা

সত্যতা নিৰূপণ:
নিউজ মোবাইলে নিজাববীয়াকৈ চলোৱা অনুসন্ধানৰ পাছত পোষ্টটোত কৰা দাবী অসত্য বুলি জানিব পৰা গৈছে।
আমি মূল শব্দ ব্যৱহাৰ কৰি ইণ্টাৰনেটত বিচাৰ কৰাত টাইমচ অৱ ইণ্ডিয়াই ২০২৯ চনৰ মাৰ্চত প্ৰকাশ কৰা এটা বাতৰি পালো। বাতৰিটোৰ শিৰোনামত লিখা আছে: টুথপেষ্ট টিউব বা বাকলিটোত থকা ৰঙৰ প্ৰকৃত অৰ্থ ইয়াত আছে
“… টুথপেষ্ট টিউবটোৰ ওপৰত দিয়া ৰঙৰ সৈতে টুথপেষ্ট সন্নিবিষ্ট বিভিন্ন সামগ্ৰীৰ কোনো সম্পৰ্ক নাই। এইবোৰ উৎপাদনৰ সময়ত সহায় হোৱাকৈ সজাই লোৱা হয়।” — বাতৰিটোত এই বুলি উল্লেখ আছে।

একেধৰণৰ স্পষ্টীকৰণ দি কোলগেটেও লিখিছে: এয়া প্ৰকৃততে পোহৰ তেনচৰ হিচাপে টুথপেষ্টৰ টিউবটোৰ শেষৰ পিনে কাটিব বা বন্ধ কৰিব পৰাকৈ চিন ৰাখিবলৈ টুথপেষ্ট টিউব বনোৱাৰ সময়ত সহায় হোৱাৰ বাবেহে ব্যৱহাৰ কৰা হয়। আমি জানো, ইয়াক কোনো গুপুত ক’ড হিচাপে চিহ্নিত কৰিবলৈ ব্যৱহাৰ কৰা নহয়। কিন্তু সত্য জনাটো সচাকৈয়েই সুন্দৰ কথা।


ব্লগ পোষ্টটোত “টুথপেষ্টত সন্নিবিষ্ট কৰা দ্ৰব্যসমূহৰ সবিশেষ টিউবটোত বা তাৰ বাকচটোত লিখা থাকে” বুলিও  লিখা আছে।
সেয়ে ওপৰৰ আলোচনাৰ পৰা  দেখা গ’ল যে ভাইৰেল হোৱা পোষ্টটোত দাবী কৰা কথাবোৰ সত্য নহয় আৰু টুথপেষ্ট টিউব বা বাকচত থকা ৰঙৰ সৈতে তাত সন্নিবিষ্ট দ্ৰব্যৰ কোনো সম্পৰ্ক নাই।


আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799- এই নম্বৰত হোৱাটচএপ কৰক