সত্যতা নিৰূপণ: ওড়িশা চৰকাৰে জগন্নাথ মন্দিৰৰ মাটি বিক্ৰী কৰাৰ বাতৰি ভূৱা

0 208

শেহতীয়া কেইটামান দিনৰ পৰা সামাজিক মাদ্যমত কেইবাটাও পোষ্ট প্ৰচাৰ কৰা হৈছে, এই পোষ্টবোৰত দাবী কৰা হৈছে যে ওড়িশা চৰকাৰে পুৰীৰ জগন্নাথ মন্দিৰৰ৬খন ৰাজ্যৰ ২৪খন জিলালৈ বিয়পি থকা মাটিৰ পৰা ৩৫০০০ একৰ মাটি বিক্ৰী কৰাৰ মনস্থ কৰিছে।

এনে এটা পোষ্টক লিংক ইয়াত আছে, পোষ্টটোত লিখা আছে- “ আশ্চৰ্যজনক আৰু অবিশ্বাস্য, ওড়িশা চৰকাৰে জগন্নাথ মন্দিৰৰ ৩৫০০০ একৰ মাটি বিক্ৰী কৰিবলৈ লৈছে। তেঁওলোকে ইতিমধ্যে ৩১৫ একৰ বিক্ৰী কৰিছে! চৰকাৰে গীৰ্জা, মছজিদ বা গুৰুদ্বাৰৰ মাটি বিক্ৰী কৰিব পাৰিবনে, নোৱাৰে। তেন্তে কিয় মন্দিৰৰ মাটি? কিয়? @Naveen_Odisha মহাশয়, জগন্নাথ মন্দিৰ বিক্ৰীৰো কিবা পৰিকল্পনা আছে নেকি??”

সত্যতা নিৰূপণ

ওড়িশাৰ আইন মন্ত্ৰী প্ৰতাপ জেনাই ১৬ মাৰ্চত বিধান সভাত এটা প্ৰশ্নৰ উত্তৰত কৈছিল “ জগন্নাথ মন্দিৰৰ নামত থকা প্ৰায় ৬০,৪২৬ একৰ মাটি ৰাজ্যৰ ২৪খন জিলাত আছে। ৩৯৫ একৰতকৈও অধিক মাটি পশ্চিম বংগ, মহাৰাষ্ট্ৰ, অন্ধ্ৰ প্ৰদেশ, ছত্তিশগড় আৰু বিহাৰত আছে।”

মন্ত্ৰীজনে লগতে কয় যে, সেই জিলা সমূহৰ আয়ুক্তসকলক এই সম্পত্তি বিক্ৰীৰ বাবে যোগায়োগ কৰা হৈছে।

মন্দিৰ প্ৰশাসনে এতিয়ালৈ ৩৪,৮৭৬,৯৮৩ একৰ মাটি পুনৰ দাবী কৰিছে।মন্ত্ৰীজনে পুনৰ কয়-“ চৰকাৰী ভাবে স্বীকৃত সন্মান নীতিৰ অধীনত পুনৰ দাবী কৰা মাটিসমূহ বিক্ৰী কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।”   .

সংবাদ সংস্থাসমূহে এই বাতৰিৰ বহুল প্ৰচাৰ কৰিছিল।

কিন্তু তাৰ দুদিন পাছত, ১৮ মাৰ্চত শ্ৰী জগন্নাথ মন্দিৰ পৰিচালনা সমিতিয়ে স্পষ্টীকৰণ দিছে যে জগন্নাথ মন্দিৰৰ ৩৫০০০ একৰ মাটি বিক্ৰীৰ খবৰটো সত্য নহয়।

শ্ৰী জগন্নাথ মন্দিৰ পৰিচালনা সমিতিৰ মুখ্য প্ৰশাসক কৃষণ কুমাৰে এই বাতৰিৰ সত্যতা নাই বুলি প্ৰকাশ কৰি এ এন আইক জনায়- “এয়া সত্যৰ অপব্যাখ্যা, প্ৰৰোচনামূলক আৰু ভুৱা।.”

কেৱল সেয়াই নহয়, মন্দিৰ পৰিচালনা সমিতিয়ে ১৮ মাৰ্চত কেইবাটাও টুইট প্ৰচাৰ কৰে, টুইটত লিখা আছে “দীৰ্ঘ দিন ধৰি কাৰোবাৰ দখলাধীন হৈ থকা মাটিখিনি শ্ৰী জগন্নাথ মন্দিৰৰ সম্পত্তি আৰু সেয়া ২০০৩চনত প্ৰচলন হোৱা “ইউনিফাইড প’লিচী”ৰ জৰিয়তে মন্দিৰ সমিতিৰ দ্বাৰা নিষ্পত্তি কৰা হৈছে।”

“উল্লেখনীয় যে ২০০১ৰ পৰা ২০০৩ৰ ভিতৰত ২৯১ একৰ মাটিৰ নিষ্পত্তি কৰা হৈছিল আৰু ২০১১ৰ পৰা ২০২১ চনৰ ভিতৰত ৯৬ একৰ মাটিৰ নিষ্পত্তি কৰা হৈছিল। এয়া স্কুল, চিকিত্সা মহাবিদ্যালয়, মহাবিদ্যালয়, পথ আদিৰ উন্নয়নৰ জৰিয়তে ৰাইজৰ বাবেই নিষ্পত্তি কৰা হৈছে।”

মন্দিৰ পৰিচালনা সমিতিয়ে ইয়াকো স্পষ্ট কৰি দিয়ে যে ৰাইজৰ সহায়ৰ বাবে আৰু চৰকাৰী আন্তঃগাঁঠনিমূলক কাৰ্যৰ বাবে গ্ৰহণ কৰা সকলো সিদ্ধান্ত পৰিচালনা সমিতিয়ে লয়।

ইয়াৰ দ্বাৰা মন্দিৰ প্ৰশাসনৰ স্পষ্টীকৰণৰ পৰা জানিবলৈ পোৱা গ’ল যে মন্দিৰৰ সম্পত্তি সন্দৰ্ভত গ্ৰহণ কৰা সকলো সিদ্ধান্ত মন্দিৰ সমিতিয়েই লয়।

আৰু প্ৰভু জগন্নাথ ৩৫০০০ একৰ মাটিৰ সম্পত্তি বিক্ৰীৰ প্ৰসংগটোৰ সন্দৰ্ভত মন্দিৰ সমিতিয়ে নস্যাত্ কৰে

আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিবলৈ আছে, তেন্তে  +91 11 7127 9799-এই নম্বৰত হোৱাটচ আপ কৰক।