এটা অট্টালিকাৰ সমীপত হোৱা বিস্ফোৰণৰ ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাবী কৰা হৈছে যে এয়া ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ বাস গৃহত ড্ৰোণেৰে কৰা আক্ৰমণ।
ফেচবুক ব্যৱহাৰকাৰী এজনে ভিডিওটো শ্বেয়াৰ কৰি কেপচনত লিখিছে: “বিগ ব্ৰেকিং, ইতিহাসত প্ৰথম বাৰলৈ ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুৰ নিজা বাস গৃহত আক্ৰমণ। হিজাবুল্লই কৰা এই আক্ৰমণত নেতান্যাহুৰ পৰিয়ালৰ কোনো লোকৰ হতাহতৰ তথ্য লাভ কৰা নাই।”
ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব।
সত্যতা নিৰূপণ
নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই দাবী ভুৱা বুলি প্ৰতিপন্ন কৰে।
ক্লিপটোৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত নিউজ মোবাইলৰ দলে দ্য নিউয়ৰ্ক টাইমছত ১৮ অক্টোবৰ ২০২৪ত প্ৰচাৰিত এটা বাতৰিt লাভ কৰিলে। বাতৰিটোৰ শিৰোনামত আছে : “ইজৰাইলে লেবাননৰ প্ৰায় সকলো গাঁৱেই ধ্বংস কৰি দিলে, ফটো আৰু ভিডিওই প্ৰকাশ কৰিছে।” বাতৰি টোৰ সৈতে একেটা ভিডিও প্ৰচাৰ হৈছে।
বাতৰিটোত প্ৰকাশ হোৱা অনুসৰি ইজৰাইলৰ সেনাই বোমা বৰ্ষণেৰে দক্ষিণ লেবননৰ প্ৰায়কেইখন গাওঁ ধ্বংস কৰি দিয়ে। ইয়াৰ ফলত প্ৰায় ২৪টা অট্টালিকাও ধ্বংস স্তূপত পৰিণত হৈছে। ভিডিওৰ জৰিয়তে দ্য নিউয়ৰ্ক টাইমছে এয়া স্পষ্ট কৰে।

মিডল ইষ্ট মিৰ’ৰত একেটা ভিডিওকেই সন্নিবিষ্ট কৰি ১৬ অক্টোবৰ ২০২৪ত প্ৰচাৰিত আন এটা বাতৰিত ইজৰাইলৰ সেনাই লেবাননৰ সমীপৰ ঐতিহাসিক মহাবিব নগৰ ধ্বংস কৰা বুলি প্ৰকাশ কৰিছে।

এনেদৰেই, নেতান্যাহুৰ ঘৰত ড্ৰোণ আক্ৰমণৰ বুলি দাবী কৰা ভাইৰেল ভিডিওটো যে অসত্য সেয়া স্পষ্ট হয়।