সত্যতা নিৰূপণ: ইজৰাইলৰ পতাকা গাত মেৰিয়াই বিদেশী লোকে ‘জয় শ্ৰীৰাম’ ধ্বনি দিয়া ভিডিওটো ভুৱা দাবীৰে ভাইৰেল কৰা হৈছে

0 125

এজন ৱিদেশীয়ে ইজৰাইলৰ পতাকা গাত মেৰিয়াই ভাৰতক সমৰ্থন কৰি পেলেষ্টাইনৰ বিৰোধী শ্লগান দি জয় শ্ৰীৰাম ধ্বনি দিয়া এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। 

ফেচবুকত ভিডিওটো শ্বেয়াৰ কৰি কেপচনত দিছে: “পেলেষ্টাইনীয়ে যেতিয়া ভাৰত বিৰোধী শ্লগান দিয়ে, তেনে সময়তে ইজৰাইলৰ সমৰ্থকে #জয়শ্ৰীৰাম ধ্বনি দিয়াৰ সুন্দৰ ভিডিও#ভাৰত।

ওপৰৰ  পোষ্ট. (আৰ্কাইভ)টোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই দাৱী ভুৱা বুলি প্ৰতিপন্ন কৰে।

ইণ্ডিয়া টুডে  ত ২০২৪ৰ ২৯ এপ্ৰিলত প্ৰচাৰিত এটা বাতৰি অনুসৰি এই ঘটনাটো UCLAত পেলেষ্টাইনৰ সমৰ্থকে প্ৰতিবাদ কৰি থকাৰ সময়ৰ। সেই সময়তে এজন ইজৰাইলৰ সমৰ্থকে পেলেষ্টাইনৰ সমৰ্থকে ভাৰত বিৰোধী শ্লগান দি থকাৰ সময়তে জয় শ্ৰীৰাম ধ্বনি দিছিল। একেদৰে, ২০২৪ৰ ১ মেত  হিন্দুস্তান টাইমচ ত প্ৰচাৰিত এটা বাতৰিতো একে স্থান আৰু একে ধৰণৰ ঘটনাৰ কথা প্ৰকাশ কৰিছিল। বাতৰিটোত সমগ্ৰ আমেৰিকাৰ বিশ্ববিদ্যালয়সমূহত পেলেষ্টাইন আৰু ইজৰাইলৰ সমৰ্থনত এনে ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে।

ভিডিওটোত জয় শ্ৰীৰাম ধ্বনি দিয়া লোকজন ভাৰতক মুকলিকৈ সমৰ্থন জনোৱা আৰু সনাতন ধৰ্ম গ্ৰহণ কৰা পাকিস্তানী মূলৰ  ছয়ন আলী কৃষ্ণ বুলি উল্লেখ কৰা হৈছে। ছয়নে এই ভিডিওটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি তেওঁ পেলেষ্টাইন বিৰোধী প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলৰ মাজত ভাৰতৰ পতাকা দেখি তেঁৱো প্ৰতিবাদকাৰীসকলৰ লগ হৈ জয় শ্ৰীৰাম ধ্বনি দিয়া বুলি প্ৰকাশ কৰে।

 

View this post on Instagram

 

A post shared by Shayan A Krishna (@theblondedesi)

এই তথ্যৰ দ্বাৰাই প্ৰমাণ হয়, ইজৰাইলৰ সমৰ্থনৰ এই ৰেলী লছ এঞ্জেলেছতহে সংঘটিত হৈছিল।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799