কেজি মেডিকেল কলেজৰ এগৰাকী চিকিত্সকৰ বিভত্স ধৰ্ষণ কাণ্ডৰ ফলূ সৃষ্টি হোৱা প্ৰতিবাদমুখৰ পৰিৱেশৰ মাজতে অৰিজিত সিঙৰ এখন ফটো আৰু এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। সামাজিক মাধ্যম ব্যৱহাৰ কৰা বহুতে দাবী কৰা মতে অৰিজিত সিঙে আৰজি মেডিকেল কলেজৰ ধৰ্ষণ কাণ্ঢৰ প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱাৰ দৃশ্য এয়া।
ফেচবুক ব্যৱহাৰকাৰী এজনে ফটোখন শ্বেয়াৰ কৰি কেপচনত লিখিছে: বিশ্ববিশ্ৰুত গায়ক অৰিজিত সিঙক ধৰ্ষণবিৰোধী প্ৰতিবাদত দেখা গৈছে।
ফেচবুক ব্যৱহাৰকৰা আন এজনে ভিডিওটো প্ৰচাৰ কৰি কেপচনত লিখিছে: মই আজিৰ পৰা কাম কৰিবলৈ আৰম্ভ কৰিলো… জিয়াগঞ্জত অৰিজিত সিঙে এনেদৰে কৈছে … #ArijitSingh #Antirape #rgkarmedicalcollege #WeWantJustice

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব।
সত্যতা নিৰূপণ
নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই দাৱী ভুৱা বুলি প্ৰতিপন্ন কৰে।
ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত নিউজ মোবাইলৰ দলে ২০২০ৰ ৩০ ছেপ্তেম্বৰত প্ৰচাৰিত X পোষ্ট দেখা পালে। ফটোখনৰ সৈতে ভাইৰেল ফটোখনৰ হুবহু মিল আছে।
ফটোখনৰ কেপচনত উল্লেখ কৰা অনুসৰি অৰিজিত সিঙে এগৰাকী ১৯ বছৰীয়া কিশোৰীক বৰ্বৰ ভাবে কৰা বলাত্কাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। যদিও এই কেপচনত প্ৰকাশ কৰা কথাখিনিৰ সত্যাসত্য সম্পৰ্কে কোনো তথ্য লাভ নকৰিলো, তথাপি, ফটো বা ভিডিওটো যে ২০২৪ৰ ৯ আগষ্টৰ আৰ জি মেডিকেল কলেজৰ ধৰ্ষণকাণ্ডৰ বহু পূৰ্বৰ সেয়া স্পষ্ট হৈ পৰিল।
19 year old girl who was brutally gangraped by 4 man, died today.
She was tortured brutally. Tongue cut, spine broken, wounds over the body.
RAISE YOUR VOICE AGAINST RAPE !!!#JusticeForManishaValmiki pic.twitter.com/gYgZKsisvO
— Arijit Singh Universe (@universe_singh) September 30, 2020
আমাৰ দলে ২০২৪ৰ ২৪ জুনত ফেচবুকত প্ৰচাৰিত এটা পোষ্টত ভাইৰেল ভিডিওটোও দেখা পালে। ইয়ে ভিডিওটো আৰ জি মেডিকেল কলেজৰ ধৰ্ষণকাণ্ডৰ পূৰ্বৰ বুলি জনাই দিয়ে।
আন এটা উল্লেখনীয় কথা হল, আৰ জি মেডিকেল কলেজৰ ধৰ্ষণকাণ্ডৰ ৱিৰোধিতাত অৰিজিতে অংশ লোৱা সম্পৰ্কীয় কোনো বাতৰি বা এই সন্দৰ্ভত তেওঁৰ কোনো বক্তব্য এতিয়ালৈ আমি লাভ কৰা নাই।
ইয়াৰ দ্বাৰাই এয়া স্পষ্ট হৈ পৰে যে আৰ জি মেডিকেল কলেজৰ ধৰ্ষণকাণ্ডৰ প্ৰতিবাদী কাৰ্যসূচীত অৰিজিত সিঙে অংশ লোৱা দাবী সত্য নহয়।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799
Error: Contact form not found.

