উত্তৰ প্ৰদেশৰ গাজিয়াবাদত এটা মন্দিৰত পানী কাই থকা সৰু ল’ৰা এটাক মাৰপিট কৰাৰ ঘটনা পোহৰলৈ অহাৰ পাছত সামাজিক মাধ্যমত বহু ভূৱা বাতৰি প্ৰচাৰ হ’বলৈ ধৰিলে।
এনে এটা পোষ্টত আছিফ নামৰ সেই একেজন ল’ৰাই যোৱা বছৰ লকডাউনৰ সময়ত ৰেলযাত্ৰী সকলক পানী বিলাই থকা বুলি দাবী কৰা হৈছে।
পোষ্টটো ইয়াত আছে, বঙালী ভাষাত লিখা কথাখিনি এনে—
“বিজেপিক সাম্প্ৰদায়িক অপশক্ত নুবুলিব”
“সবার উপরে মানুষ সত্য,
তাহার উপরে কিছু নাই।“
যি আছিফে মুছলমান হোৱাৰ বাবেই মন্দিৰত পানী খাবলৈ গৈ মাৰ খাইছিল, সেই আছিফেই লকডাউনৰ সময়ত হাজাৰ হাজাৰ তৃষ্ণাতুৰ মানুহৰ (জাতি ধৰ্ম নিৰ্বিশেষে) তৃষ্ণা দূৰ কৰিছিল। “সবার উপরে মানুষ সত্য, তাহার উপরে নাই!”
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা সত্যতা নিৰূপণ কৰাৰ পাছত এই পোষ্টটো ভূৱা আৰু বিপথে পৰিচালিত বুলি প্ৰতিপন্ন হয়।
সত্য জানিবলৈ আমি প্ৰথম ফটোখনৰ প্ৰথম অংশ(যিখিনিত থকা ফটোখন সন্দৰ্ভত দাবী কৰা হৈছে)ক্ৰপ কৰি লৈ ইণ্টাৰনেটত ৰিভাৰ্ছ ইমেজ চাৰ্ছৰ সহায়ত তাৰ ইতিহাস জানিবলৈ চেষ্টা কৰিলো। আমাৰ অনুসন্ধানত একেখন ফটোৰ কেইবাটাও পোষ্টত বেলেগ বেলেগ ধৰণৰ কথা উল্লেখ থকা দেখিলো।
উদাহৰণ স্বৰূপে, ২০০০ চনৰ মে’ মাহত প্ৰচাৰ কৰা পোষ্ট এটাত একেকখন ফটো পালো, তাত লিখা আছে এখন মাদ্ৰাছাৰ কেইটিমান শিশুৱে লকডাউনৰ সময়ত নিজ নিজ গাঁৱলৈ ওভতা ৰেল যাত্ৰীসকলক শীতল পানী বিলাই আছে।
Children's from local madarsa providing cool water to migrants boarding trains..
Islam teaches humanity ❤️❤️ pic.twitter.com/cwN8L173yK
— ABDUL ALEEM (@abdulaleem3580) May 19, 2020
ইয়াৰ জৰিয়তে আমি জানিবলৈ পাৰিলো ফটোখন যোৱা বছৰেই প্ৰচাৰ কৰা।
আৰু অধিক অনুসন্ধানত ফটোখন আমি ২০১৬ চনৰ ২১মে’ৰ এটা ব্লগস্পটত দেখিলো। লেখাটো মূলতে তামিল ভাষাত আছিল। ফটোখনৰ সৈতে কেপচনত লিখা আছিল- “এয়াই আমাক ইছলামে শিকায়। এনেকৈয়েই কাম কৰা উচিত যাতে শৈশবতে সকলোৱে বুজি উঠে আনক সহায় কৰাৰ মন্ত্ৰl”
সেয়ে এয়া প্ৰমাণ হ’ল যে ফটোখন লকডাউন বা কৰোনাতংকৰ সময়ৰ আগতেই ইণ্টাৰনেটত প্ৰচাৰ কৰা হৈছেল।
নিউজ মোবাইলে পুনৰ যোৱা বছৰ দুৰণীবটীয়া ৰেল যাত্ৰীক পানী খুওৱা ফটোখন সন্দৰ্ভত সত্যতা নিৰূপণৰ বাবে অনুসন্ধান কৰিলে
যদিও নিউজ মোবাইলে ফটোখনৰ মূল বা নেপথ্যৰ কথাবোৰ বিচাৰি উলিয়াব নোৱাৰিলে, ওপৰৰ তথ্যবোৰৰ পৰাই প্ৰমাণ হয় যে ফটোখনত শিশুসকলে পানী যোগান ধৰা ফটোখন প্ৰকৃততে যোৱা বছৰৰ লকডাউনৰ সময়ৰ নহয়। সেয়ে পোষ্টটোত কৰা দাবীও অসত্য আৰু শিশুজন আছিফো নহয়।
আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিবলৈ আছে, তেন্তে +91 11 7127 9799-এই নম্বৰত হোৱাটচ আপ কৰক।