সত্যতানিৰূপনঃপঞ্জাবৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চেন্নী আৰু শ্ৰী আকাল তখ্ট ছাহিূ জেঠাদাৰৰ পুৰণি ফটোকেই ভুৱা দাবীৰে ভাইৰেল কৰা হৈছে

0 93

এজন লোকে আকাল তখ্ট ছাহিবৰ জেঠাদাৰ গিয়ানী হৰপ্ৰীত সিঙৰ ভৰি চুই থকা ফটো এখন সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাবী কৰা হৈছে যে ভৰি চুই থকা লোকজন পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান।

ফটোৰ সৈতে কেপচনত আছে-এয়াই জাঠেদাৰ ছাহিবৰ পদমৰ্যাদা। ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে জাঠেদাৰ ছাহিবৰ  ভৰি চুই সেৱা কৰিছে আৰু আকাল তখ্ট ছাহিবজীৰ আধিপত্যৰ বহিঃপ্ৰকাশ।  আপুনি যদি জাঠেদাৰ ছাহিবক কেতিয়াবা সাক্ষাত্ পায় তেখেতক ভালদৰে সন্মান জনাব আৰু এই পোষ্টটো ষ্বেয়াৰ কৰিব।

ওপৰৰ পোষ্ট.টোৰ লিংক ইয়াত আছে। 

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা  এই পোষ্টটোৰ দাবীসন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

সাধাৰণ ভাবে ৰিভাৰ্ছ ইমেজ চাৰ্ছত ফটোখন দিয়াত আম আমি লুধিয়ানা টাইমছৰ ফেচবুক পেজত ২০২১ৰ ৯ ডিচেম্বৰত প্ৰচাৰিত  পোষ্টত একেখন ফটো দেখাপালো। তাৰ কেপচনত আছেমুখ্যমন্ত্ৰী চৰণজিত্ সিং চেন্নীয়ে আকাল তখ্ট ছাহিবৰ জেঠাদাৰ গিয়ানী হৰপ্ৰীত সিঙক সাক্ষাত্ কৰেআৰু সকলো চেনেলক গুৰুবানী দিবলৈ শ্ৰী হৰমিন্দৰ ছাহিবক দায়িত্ব দিবলৈ দাবী জনায়। ” 

অমৃতসৰৰ শ্ৰী আকাল তখ্ট ছাহিব আমি গুৰমীত সিঙৰ ফেচবক পেজতো ভাইৰেল ফটোখন দেখা পাও।

পাঞ্জাবৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চৰণজিত্ সিং চেন্নীয়েও জেঠাদাৰ গিয়ানী হৰপ্ৰীতক ৮ ডিচেম্বৰ ২০২১ত সাক্ষাত্ কৰা ফটো এখন তেওঁৰ টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰে। Charanjit Singh Channi also 

পঞ্জাবৰ মুখ্যমন্ত্ৰী চৰণজিত্ সিং চেন্নী আৰু গিয়ানী হৰপ্ৰীত সিঙৰ সাক্ষাতৰ বাতৰি ইয়াত পঢ়িব পাব।

ওনেদৰেই ওপৰৰ তথ্যসমূহৰ পৰা এয়া স্পষ্ট হয় যে পুৰণি ফটো এখনকেই পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানে শ্ৰী আকাল তখ্ট ছাহিব গিয়ানী হৰপ্ৰীত সিঙৰ ভৰি চুই থকা বুলি দাবী কৰি সামাজিক মাধ্যমত ভাইৰেল কৰিছে।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।