মিছা, আৰক্ষীৰ বৰ্বৰতাৰ এই ফটোখন দিল্লীৰ নহয়, সঠিক তথ্য ইয়াত পঢ়ক

0 178

গণৰাজ্য দিবসত আৰক্ষী আৰু প্ৰতিবাদী কৃষকসকলৰ মাজত হোবা সংঘৰ্ষৰ এখন ৱিশেষ ফটো সামাজিক মাধ্মত প্ৰচাৰ হৈছিল। 

এই ফটোখনত দিল্লী আৰক্ষীৰ বৰ্বৰতাৰ তথ্য দাঙি ধৰিবলৈ বিচৰা হৈছিল। ফটোখনত এজন আৰক্ষী বিষয়াই বুটজোতাৰে এজন 

মানহক গুৰুলাগুৰুলকৈ গচকাৰ দৃশ্য দেখুওৱা হৈছিল। 

 

ফে’চবুকত প্ৰচাৰ চলোবাজনে ফটোখনত পাঞ্জাবী ভাষাতেই কেপচন দিছিল এইদৰে- “ਦਿੱਲੀ ਪੁਲਸ ਦਾ ਖੌਫਨਾਕ ਚਿਹਰਾ।’’

(অনুৱাদ: দিল্লী আৰক্ষীৰবৰ্বৰ ৰূপ)

উল্লিখিত পোষ্টটোৰ লিংক ইয়াত দিয়া হ’ল। 

 

টুইটাৰতো আমি অনুৰূপ পোষ্ট দেখিছিলো।  লিংকটো ইয়াত দিয়া হ’ল

 

সত্যতা নিৰূপন

 

আমি পোষ্টটোৰ সত্তা নিৰূপন কৰি এয়া ভুল পথে পৰিচালনা কৰিব বিচৰা এটা ভুৱা বাতৰি বুলি জানিৱলৈ পাৰিলো।

 

প্ৰথমতে, আমি কেইটামান কী ৱৰ্ড অৰ্থাত্ ঘটনাৰ সৈতে সামঞ্জস্য থকা শব্দ ব্যৱহাৰ কৰি ফটোখন নেপথ্যৰ বিষয়ে জানিবলৈ চেষ্টা কৰিলো।তথ্য প্ৰুক্তিৰ ভাষাত ইয়াক ৰিভাৰ্ছ ইমেজ চাৰ্ছ বোলা হয়। ফটোখনৰ ইতিহাসৰ তথ্যৰ এই অন্বেষণে আমাক  ২০১১ চনৰ ১৩ মাৰ্চত প্ৰকাশ পোবা এটা প্ৰবন্ধৰ বিষয়ে অবগত কৰিলে। 

 

সেই ফটোখনৰ কেপচন অনুসৰি ঘটনাটো সংঘটিত হৈছিল লক্ষ্ণৌৰ হজৰতগঞ্জত সমাজবাদী পাৰ্টীৰ এটা প্ৰতিবাদী কাৰ্সূচীৰ সময়ত। ফটোখনৰ আৰক্ষী বিষয়াজনো ডিআইজি ডি কে ঠাকুৰ বুলি জানিব পৰা গৈছিল।

 

প্ৰকাশিত প্ৰবন্ধটো অনুসৰি প্ৰতিবাদী কাৰ্সূচীটো আছিল সমাজবাদী পাৰ্টীৰ যুব শাখা লোহিয়া বাহিনীৰ দ্বাৰা আয়োজিত। ২০১১ চনৰ ৯ মাৰ্চত দলটোৰ মুৰব্বী অখিলেষ যাদবৰ গ্ৰেপ্তাৰৰ প্ৰতিৱাদতেই এই কাৰ্সূচী গ্ৰহণ কৰা হৈছিল।

ঘটনা সন্দৰ্ভত আৰু অধিক গবেষণাৰ অন্তত ২০১১ চনৰ ১৭ মাৰ্চত ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এটা বাতৰিৰ বিষয়ে জানিবলৈ পৰা গ’ল। খবৰটোৰ শিৰোনাম আছিল “জোতাৰে গুৰীওৱা লক্ষ্ণৌৰ ডিআইজিৰ বিৰুদ্ধে পিআইএল (PIL) দাখিল”। 

 

ৱাতৰিটোৰ লিংক ইয়াত দিয়া হ’ল। 

 

বাতৰিটোত প্ৰকাশ পোৱা অনুসৰি ২০১১ চনৰ ১৬ মাৰ্চত ডিআইজি ডিকে ঠাকুৰৰ বিৰুদ্ধে উচিত ব্বস্থা গ্ৰহণৰ আবেদনেৰে সমাজবাদী পাৰ্টীৰ কৰ্মী আৰু জোতাৰ গোৰ খোৱা কৰ্মীজনে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠত(বেঞ্চ)পি আই এল 

দাখিল কৰে।

দেখা গ’ল, উল্লিখিত তথ্যৰ পৰা এই কথা প্ৰমাণিত হ’ল যে ফে’চবুকত প্ৰচাৰ কৰা ফটোখন ২০১১চনৰ, উত্তৰ প্ৰদেশৰ। সেয়ে পোষ্টটোত কৰা দাবী ভিত্তিহীন।

 

আপুনি যদি যিকোনো বাতৰি বা তথ্ৰ সত্যতাৰ বিষয়ে জানিবলৈ বিচাৰে তেন্তে +91 11 7127 9799– এই নম্বৰত হোৱাটচ এপ কৰক।