সত্যতা নিৰূপণ : ধৰ্মেন্দ্ৰৰ অন্ত্যেষ্টিক্ৰিয়াত প্ৰধানমন্ত্ৰী মোদী, অমিতাভ, ছলমান উপস্থিত থকা ফটোখন AI-ৰ দ্বাৰা সৃষ্টি কৰা

0 357

বলিউডৰ কিংবদন্তি অভিনেতা ধৰ্মেন্দ্ৰৰ মৃত্যুৰ পাছত এখন ফটো সামাজিক মাধ্যমত বহুল প্ৰচাৰ হৈছে। ফটোখনত দাবী কৰা হৈছে যে ছানি দেউল আৰু ববী দেউলে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰি থকাৰ সময়ত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী, উদ্যোগপতি মুকেশ আম্বানী আৰু অমিতাভ বচ্চন, ছলমান খানকে ধৰি বলিউডৰ অভিনেতাসকল একেলগে উপস্থিত আছে।  যেতিয়া চন্নী দেৱল আৰু ববি দেৱলে ধৰ্মেন্দ্ৰৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিছে।

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাৱ।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই ফটোখন  AIৰ দ্বাৰা নিৰমাণ কৰা বুলি প্ৰতিপন্ন হয়।

ফটোখন  ৰিভাৰ্ছ ইমেজ ছাৰ্চ আৰু কীবৰ্ড স্কেন কৰাৰ পাছত এনে কোনো হাই প্ৰ’ফাইল ব্যক্তিৰ উপস্থিতিৰ বিষয়ে কোনো বিশ্বাসযোগ্য খবৰ বা প্ৰামাণিক ছবি পোৱা নগ’ল। প্ৰধানমন্ত্ৰী আৰু বহুতো সুপৰিচিত ব্যক্তিৰ উপস্থিতিৰ দৰে ঘটনা মূলসূতিৰ সংবাদ মাধ্যম, চৰকাৰী চেনেল বা শিল্পীসকলৰ অফিচিয়েল চেনেলত ব্যাপকভাৱে প্ৰকাশ পালেহেঁতেন, কিন্তু সেয়া একো পোৱা হোৱা নাই। 

ফটোখন সুক্ষ্মভাবে পৰীক্ষা কৰোঁতে ইয়াক AI-ৰ দ্বাৰা সৃষ্টি কৰাৰ কেইবাটাও স্পষ্ট লক্ষণ দেখা যায় পোহৰছাঁৰ বিসংগিতা, মুখমণ্ডলৰ বিকৃত দেখাৰ লগতে বা ইয়াত ব্যৱহাৰ হৈছে অস্বাভাৱিক মসৃণ এয়াৰব্ৰাছ ধৰণৰ টেক্সাৰ, যি সাধাৰণতে AI- দ্বাৰা সৃষ্টি কৰা ছবিত দেখা যায়।  

অধিক নিশ্চিত হোৱাৰ বাবে নিউজ মোবাইলে হাইভ ম’ডাৰেচন আৰু ছাইটেনজাইন নামৰ AI-নিৰ্ণায়ক সজুলি ব্যৱহাৰ কৰি ছবিখন বিশ্লেষণ কৰে। দুয়োটা সজুলিয়েই ছবিখন AI-ৰ দ্বাৰা প্ৰস্তুত বুলি নিশ্চিত কৰে।  

 

এনেদৰেই প্ৰমাণ হয় যে ভাইৰেল হোৱা ছবিখন AI-এ সৃষ্টি কৰা, ধৰ্মেন্দ্ৰৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ৰ প্রকৃত ছবি নহয়।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799