সত্যতা নিৰূপণ : : সাগৰৰ মাজত কণ্টেইনাৰৰ পৰা লোকসকলে iPhone উদ্ধাৰ কৰা ভিডিঅ’টো AI-দ্বাৰা সৃষ্টি কৰা

0 314

একাংশ মানুহে সাগৰত ভাঁই থকা কণ্টেইনাৰত খুছৰি কিবা উলিয়াই থকা দেখুওৱা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। ভিডিওটোত এজন ব্যক্তিক এটা কণ্টেইনাৰৰ সৰু ফুটোৰ পৰা বহু iPhone ওলাই অনা দেখা যায়, ইয়াৰে কেইটামান iPhone সাগৰত পৰি যোৱাও দেখা হৈছে। ভিডিঅ’ত লোক জনো কৈছে, “চাওক, আমি কি পাইছো! এইটো iPhone-ৰে ভৰা কণ্টেইনাৰ।” বহু লোকেই এয়া ,ত্য ঘটনা বুলি দাবী কৰিছে।

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

অধিক স্পষ্টতা পাবলৈ, নিউজ মোবাইলৰ দলে ভিডিওটোৰ মূল কী ফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দি পৰীক্ষা কৰে, আৰু Instagram একাউণ্ট Oyesankiত আপল’ড কৰা মূল পোষ্টটো পায়। তাৰ শীৰ্ষক আছিল: ৰাইজ, এই ভিডিওটো সম্পূৰ্ণ ভাবে কৃত্ৰিম বুদ্ধিমত্তাৰ দৰিয়তে নিৰ্মাণ কৰা।  এয়া সত্য নহয়।  এই ভিডিওটো আজিৰ তাৰিখত কৃত্ৰিম বুদ্ধিমত্তাৰ পাৰদৰ্শিতা সন্দৰ্ভত বুজ লোৱাৰ বাবেহে বনোৱা হৈছে।

 

View this post on Instagram

 

A post shared by Oye SANKI (@oye_sanki_1)

ভাইৰেল ভিডিটো সূক্ষ্মভাৱে বিশ্লেষণ কৰোঁতে, আমি AI-দ্বাৰা নিৰ্মিত দৃশ্যত দেখা পোৱা একাধিক বিসংগতি লক্ষ্য কৰিলো। প্ৰথমতে, ভিডিওত কথা কোৱা ব্যক্তিজন অস্বাভাৱিকভাবে স্থিৰ দেখুৱাইছে — সাগৰৰ মাজত চলন্ত নাঁৱত এনে আচৰণ কৰিব নোৱাৰে। সাগৰত ভাঁই থকা iPhone-বোৰো অস্বাভাৱিক ধৰণে দেখুৱাইছে- এইবোৰ যেন ওজনহীন, আকাৰহীন, আৰু স্বাভাৱিক লৰচৰ কৰা নাই। নাঁৱৰ ভিতৰত থুপ থুপ কৰি থোৱা iPhone-বোৰ অস্পষ্ট আৰু দেখাত একে যেন লাগে। লগতে iPhone বক্সবোৰো বেঁকা, অসমান আৰু বিকৃত দেখুওৱা হৈছে।

Hive Moderation নামৰ AI-নিৰ্ধাৰণ কৰা সঁজুলিয়ে নিশ্চিত কৰিছে যে ভিডিওটো কৃত্ৰিমভাৱে সৃষ্টি কৰা।

If you want to fact-check any story, WhatsApp it now on ‪+91 11 7127 9799‬