এটা বৃহত্ গণসমাবেশত ৰঙা কমিউনিষ্ট ধ্বজা লহৰাই থকা ভিডিও এটা সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰিত হৈ আছে। দাবী কৰা হৈছে যে নিউয়ৰ্ক মহানগৰত অনুষ্ঠিত এই ৰেলীত ভাৰতীয়-মূলৰ ডেমোক্ৰেট জোহ্ৰান মামদানীৰ নতুন মেয়ৰ হিচাপে নিৰ্বাচন জয় উদযাপন কৰিছে। মালয়ালম ভাষাত থকা বহু পোষ্টত এই ভিডিঅ’টো শ্বেয়াৰ কৰি দাবী কৰিছে যে “উৰা ৰঙা পতাকাৰ সন্মিলন কান্নুৰত নহয়, আমেৰিকাৰ নিউয়ৰ্ক মহানগৰতহে।”

ভাইৰেল পোষ্টটোৰ লিংক ইয়াত পাব।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন কৰা হয়।
ভিডিটোৰ কী-ফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ ছাৰ্চ দিয়াত দেখা যায় যে এই একেটা ক্লিপ নুনো কাভাবো নামৰ এজন ব্যক্তিৰে দ্বাৰা ছেপ্টেম্বৰ ৮ তাৰিখে টুইটাৰ যোগে শ্বেয়াৰ কৰা হৈছিল। পোৰ্তুগীজ ভাষাত লিখা সেই পোষ্টটোৰ বিৱৰণিত উল্লেখ আছে: “২০২৬ চনৰ আভান্তে উৎসৱ আৰম্ভ হৈছে।” ভিডিটো দৃশ্যগ্ৰহণ কৰা ব্যক্তি হিচাপে পৰ্তুগালৰ ছেটুবালৰ মাৰিয়া জোৱা কষ্টাক কৃতিত্ব দিয়া হৈছে। ভালদৰে লক্ষ্য কৰিলে দেখা যায়, ভিডিঅ’ত দেখা পতাকাবোৰত “PARTIDO COMUNISTA PORTUGUÊS” (পোৰ্তুগীজ কমিউনিষ্ট পাৰ্টি) বুলি লিখা আছে। ইয়েই নিশ্চিত কৰে যে ভিডিঅ’টো আমেৰিকাৰ নহয়, পোৰ্তুগালৰষ
Iniciou-se agora a edição da Festa do Avante edição de 2026.
Vídeo espectacular de Maria Joao Costa. pic.twitter.com/FeA4CcTWA3
— Nuno Cavaco (@nunomiguelc) September 7, 2025
মাৰিয়া জোৱা কষ্টাই সেই দিনাই নিজৰ ফেচবুক পে’জতো একেটা ভিডিও শ্বেয়াৰ কৰিছে। তাৰ বিৱৰণিত লিখিছে- “ই এটা হৃদয়স্পৰ্শী আৰু গৌৰবৰ দৃশ্য,” ইয়াৰ লগত হেছটেগ দি “আভান্তে উৎসৱ”ৰ প্ৰসংগ উত্থাপন কৰিছে।
আভান্তে উত্সৱ হৈছে পৰ্তুগীজ কমিউনিষ্ট পাৰ্টিৰ দ্বাৰা আয়োজিত এটা বাৰ্ষিক সাংস্কৃতিক আৰু ৰাজনৈতিক অনুষ্ঠান, য’ত ৰাজনীতি, শিল্পকলা আৰু বিভিন্ন কাৰ্যকালাপৰ সমন্বয় ঘটে। উৎসৱটোৰ ৪৯ সংখ্যক সংস্কৰণ ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হৈছিল, আৰু পৰৱৰ্তী সংস্কৰণ ২০২৬ চনৰ ছেপ্টেম্বৰ ৪ তাৰিখত আয়োজন কৰা হ’ব বুলি ঠিক কৰা হৈছে।
এনেদৰেই স্পষ্ট হয় যে পৰ্তুগালৰ কমিউনিষ্ট ৰেলীৰ ভাইৰেল ভিডিঅ’টোক ভুৱা ব্যাখ্যাৰে নিউয়ৰ্ক চিটীৰ জোহ্ৰান মামদানীৰ মেয়ৰ পদ জয় উদযাপন বুলি সংযোগ কৰা হৈছে।

