সত্যতা নিৰূপণ : মমতা বেনাৰ্জীয়ে ৰাষ্ট্ৰীয় সংগীতক অসম্মান কৰিলে নেকি? সত্যতা জানিবলৈ পঢ়ক

0 311

২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিশেষ মনোযোগেৰে ভোটাৰ তালিকা পুনৰীক্ষণ (SIR) আৰম্ভ হোৱাৰ লগে লগে পশ্চিমবঙ্গত বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ মাজত ৰাজনৈতিক উত্তেজনা বৃদ্ধি পাইছে। এই পৰিস্থিতিৰ মাজতেই মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ এটা ভিডিও সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰ হৈছে। ইয়াত দাবী কৰা হৈছে যে তেওঁ ৰাষ্ট্ৰীয় সংগীত শেষ নৌহওতেই মঞ্চ এৰি নামি যায়. এয়া ৰাষ্ট্ৰীয় সংগীতলৈ তেওঁৰ অসম্মান।

ভাইৰেল পোষ্ট টোৰ লিংক (আৰ্কাইভ) ইয়াত পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন কৰা হয়।

ভিডিওটো সূক্ষ্মভাৱে নিৰীক্ষণ কৰোঁতে দেখা যায় যে তেওঁৰ পিছফালে থকা ডিজিটেল পৰ্দাত বাংলা ভাষাত লিখা কথাখিনিৰ পৰা বুজা যায় যে এই অনুষ্ঠানটো ২০২২ চনৰ ২৩ মাৰ্চত নেতাজী ইনড’ৰ ষ্টেডিয়ামত আয়োজিত। তাত লিখা অনুসৰি স্বামীহীনা বা বিধবা মহিলালৈ আগবঢ়োৱা ভাট্টাৰ বাবে নতুন আবেদনকাৰীৰ বাবে আঁচনি ঘোষণাৰ  কাৰণেহে এই অনমুষ্ঠানৰ আয়োজন কৰা হৈছে।

মূল বা কীৱৰ্ড দি অনুসন্ধান কৰাত দেখা যায় যে এই অনুষ্ঠানটোৰ মূল ভিডিও ETV Bharat West Bengal চেনেলৰ YouTube পেজত ২০২২ চনৰ ২৩ মাৰ্চত সম্প্রচাৰ কৰা হৈছিল। আৰক্ষীৰ বেণ্ডে ৰাষ্ট্ৰীয় সংগীতৰ সুৰ বজোৱা সম্পূৰ্ণ ভিডিওটোত ৰাষ্ট্ৰীয় সংগীত প্ৰায় ২৯:৪৬ মিনিটত আৰম্ভ হয়।ভাইৰেল ভিডিওটো শুনিবলৈ পোৱাৰ দৰে কোনোৱে মাইক্ৰ’ফ’নত ৰাষ্ট্ৰীয় সংগীতটো গোৱা নাছিল। সংগীতটো প্ৰায় 30:40 মিনিটত সম্পূৰ্ণ হয়, আৰু তাৰ পিছতেই মমতা বেনাৰ্জীয়ে মঞ্চৰ পৰা নামি যায় — যি প্ৰট’ক’ল অনুসৰি ভুল নহয়।

এই তথ্যৰ ভিত্তিতেই ক’ব পাৰি যে মমতা বেনাৰ্জীয়ে ৰাষ্ট্ৰীয় সংগীত অসম্মান কৰিলে বুলি কৰা ভাইৰেল দাবী সম্পূৰ্ণভাৱে ভুৱা।