পৰিয়ালৰ কোনো সদস্য চৰকাৰী চাকৰিত নাথকা প্ৰতিগৰাকী আধাৰ কাৰ্ড থকা ব্যক্তিক এখন হিৰো স্প্লেণ্ডাৰ বাইক বিনামূলীয়াকৈ দিয়া হ’ব বুলি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা বুলি দাবী কৰা এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ আছে।
প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে: ““আধাৰ কাৰ্ডৰ জৰিয়তে আপুনি বিনামূলীয়াকৈ স্প্লেণ্ডাৰ বাইক লাভ কৰিব, কিন্তু মনত ৰাখিব যে আপোনাৰ পৰিয়ালৰ কোনো সদস্য চৰকাৰী চাকৰিত নাথাকিব লাগে। হয়, আধাৰ কাৰ্ড থকা মানুহসকলৰ ভাগ্য উদিত হ’ব। হিৰো কোম্পানীয়ে বিনামূলীয়া স্প্লেণ্ডাৰ বাইক দি আছে। বাইকখন পাবলৈ, ৰীলটো লাইক কৰক আৰু কমেণ্টত আপোনাৰ নাম লিখক। তাৰ পিছত ‘মাই তাউ’ বুলি গুগলত অনুসন্ধান কৰি, সেই ৱেবছাইটত ‘বাইক’ লিখক আৰু তলৰ পোষ্টত আপোনাৰ তথ্য ভৰাওক। বাইকৰ অফাৰটো সক্ৰিয় হ’ব।”

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন কৰাৰ লগতে এয়া অনলাইন যোগে হোৱা কেলেংকাৰী বুলি স্পষ্ট কৰা হয়।
মূল শব্দৰ ব্যৱহাৰ কৰি ইণ্টাৰনেটত অনুসন্ধান কৰি পোৱা গৈছে যে আধাৰ কাৰ্ডধাৰীৰ বাবে বিনামূলীয়া বাইকৰ কোনো চৰকাৰী ঘোষণা, যোজনা বা প্ৰকাশনা নাই। এই ধৰণৰ কোনো বৃহৎ যোজনা থাকিলে মুখ্য সংবাদমাধ্যমসমূহত নিশ্চিতকৈ প্ৰকাশ পোৱাৰ কথা, কিন্তু তেনে হোৱা নাই। চৰকাৰী কল্যাণমূলক ৱেবছাইট তো এনে কোনো অফাৰৰ কথা উল্লেখ নাই।
ভাইৰেল ভিডিওটো সুক্ষ্মভাবে পৰীক্ষা কৰিলে স্পষ্টভাৱে AI-ৰ দ্বাৰ সম্পাদনা কৰা দেখা যায়: ওঁঠৰ লৰচৰ কৰাৰ বিসংগতি, কৃত্ৰিম আৰু অস্বাভাৱিক কণ্ঠ, আৰু মসৃণ অথচ বিকৃত মুখৰ গতি আদি স্পষ্টকৈ ধৰিব পৰা যায়।

আমি ভডিওটো AI নিৰ্ধাৰণ কৰা সজুলি Hive Moderation-ৰ সহায়ত পৰীক্ষা কৰাতোও নিশ্চিত হৈছে যে ভিডিওটো ডিজিটেলভাৱে সম্পাদিত।

