সত্যতা নিৰূপণ : নেপালৰ জ্বলন্ত বাহনৰ ভিডিও ভুল ব্যাখ্যাৰে লাডাখৰ বুলি দাবী কৰা হৈছে

0 374

২০২৫ চনৰ ২৪ ছেপ্তেম্বৰত লাডাখত হোৱা হিংসাত্মক ঘটনাৰ পাছত এটা ভিডিও  সামাজিক মাধ্যমত ভাইৰেল হৈছে।  ভিডিওটোত দালাডাখত বিজেপিৰ বিৰুদ্ধে আন্দোলনৰ সময়ত আন্দোলনকাৰীয়ে বাহনসমূহ জ্বলাই দিয়া বুলি বী কৰা হৈছে।

ভিডিঅ’টোৰ সৈতে লিখা কেপচনত কোৱা হৈছে —“লাডাখত বিজেপিৰ বিৰুদ্ধে জনগণে বৃহৎ আন্দোলন আৰম্ভ কৰিছে।” 

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) চাব পাৰিব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

সুক্ষ্মভাবে লক্ষ্য কৰিলে দেখা যায় যে ভিডিওটোৰ বাহনবোৰৰ নম্বৰ প্লেট ভাৰতীয় নম্বৰ প্লেটৰ দৰে নহয়; বৰং ই নেপালত ব্যৱহৃত বাহনৰ নম্বৰ প্লেটৰ ফৰ্মেটৰ সৈতে মিল খায়।

অধিক অনুসন্ধানৰ সময়ত, ভিডিওটোৰ কী-ফ্ৰেমসমূহৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দেখা গৈছে যে একে ভিডিঅ’টো ১১ ছেপ্তেম্বৰ, ২০২৫ চনৰ ১১ ছেপ্তেম্বৰত পোষ্ট কৰা, অৰ্থাৎ লাডাখৰ সাম্প্ৰতিক ঘটনৰ বহু আগতে, ইনষ্টাগ্ৰামতপ’ষ্ট কৰা হৈছিল। সেই ইনষ্টাগ্ৰাম প’ষ্টত ভিডিওটো নেপালৰ বুলি উল্লেখ আছিল।

 

View this post on Instagram

 

A post shared by Jamua Dhaka Bihar (@jamuadhakabihar)

 ইয়াৰোপৰি, আন একাংশ ব্যৱহাৰকাৰীয়ে ২০২৫ চনৰ ১১ ছেপ্তেম্বৰে একেটা ভিডিও নেপালৰ হিংসাত্মক ঘটনাৰ সৈতে জড়িত বুলি শ্বেয়াৰ কৰিছিল। (এই পোষ্টবোৰ ইয়াত আৰু ইয়াত) পাব।

শেষত ক’ব পাৰি যে ভাইৰেল ভিডিঅ’টোৰ লাডাখৰ সাম্প্ৰতিক হিংসাত্মক ঘটনাৰ সৈতে সম্পৰ্ক নাই। ই নেপালৰ পুৰণি ভিডিঅ’, যাক ভুৱা তথ্যৰে বিভ্ৰান্তিকৰ দাবীৰ সৈতে শ্বেয়াৰ কৰা  

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799