পাঞ্জাবত সম্প্ৰতি চলি থকা ভয়ংকৰ বান পৰিস্থিতিৰ মাজতে এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাবী কৰা হৈছে যে আমেৰিকান ডলাৰৰ বাণ্ডিল বোকাত ওপঙি থকা অৱস্থাত পোৱা গৈছে।
ভিডিওটোত এজন লোকক মাটিৰ পৰা নোটৰ গঠি উলিয়াই থকা দেখা গৈছে। ভিডিওত ব্যক্তিজনক কোৱা শুনা যায়, “এইবোৰ পাঞ্জাবৰ মানুহে উপাৰ্জন কৰা আমেৰিকান ডলাৰ, এতিয়া মাটিৰ তলত পোৱা গৈছে। এইবোৰ আমেৰিকান ডলাৰ — ঈশ্বৰৰ ক্ৰোধৰ সন্মুখত কোনোৱে থিয় দিব নোৱাৰে।”

ওপৰৰ পোষ্টটো ইয়াত. (আৰ্কাইভ) পাব।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।
ভাইৰেল ভিডিওটোৰ কীফ্ৰেম কেইটামানৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত নিউজ মোবাইলে ২৯ জুলাই, ২০২৫ তাৰিখে গেলেক্সী ৰেষ্টোৰ নামৰ ফেচবুক পে’জ ত একেটা ভিডিও শ্বেয়াৰ কৰা দেখা পালো। আমি একেজন ব্যৱহাৰকাৰীৰ ইউটিউব চেনেলতো একে ধৰণৰ ভিডিও আপল‘ড কৰা দেখিছো।
তলত দুয়োটাৰে ৰিজনি দেখুওৱা হ’ল:

আমি ইউটিউব চেনেলটো অধিক পৰীক্ষা কৰি একে ধৰণৰ আৰু বহু ক্লিপ পাইছিলোঁ। এগৰাকী মহিলাই আৱৰ্জনা পেলোবা স্থান, ডাষ্বিন আৰু বোকা পানীৰ মাজৰ পৰা এপল ফোন, ডলাৰৰ নোট, গহনা আৰু বিভিন্ন আন বস্তু পোৱাৰ ভিডিও দেখিছিলোঁ। ইউটিউব চেনেলটোত স্থান হিচাপে ছিংগাপুৰৰ কথা উল্লেখ আছে, কিন্তু ফেচবুক পেজত স্থান হিচাপে থাইলেণ্ডৰ বুলি উল্লেখ কৰা হৈছে।

যদিও আমি ভিডিওটো প্ৰকৃততে কোন স্থানৰ তাৰ সঠিক নিৰূপণ কৰিব পৰা হোৱা নাই. কিন্তু পাঞ্জাবৰ বানৰ আগতেই এই ভিডিও ইণ্টাৰনেটত উপলব্ধ আছিল। ইয়াৰ পৰা স্পষ্ট যে ভিডিওটো ৰাজ্যখনৰ বানৰ সৈতে সম্পৰ্ক নাই। সেয়েহে, শেহতীয়া পাঞ্জাবৰ বানৰ সময়ত বোকাৰ মাজৰ পৰা আমেৰিকান ডলাৰ বা পানীত উটি যোৱা বুলি কৰা দাবী বিভ্ৰান্তিকৰ বুলি স্পষ্ট হয়।

