সত্যতা নিৰূপণ : দিল্লীত কেইবাদিনো ধৰি বৰষুণৰ মাজতেই ২০২৪ চনৰেই লালকিল্লাৰ বানৰ ভিডিও প্ৰচাৰ কৰা হৈছে

0 449

উত্তৰ ভাৰতৰ একাংশ অঞ্চল বৰষুণ আৰু বানে তাণ্ডবৰ সৃষ্টি কৰাৰ সময়তে  লাল কিল্লা পানীত ডুবি থকা বুলি দাবী কৰা এটা ভিডিও সামাজিক মাধ্যমত বৰ্তমান ভাইৰেল হৈছে। এই ক্লিপটো বৰ্তমানৰ বানৰ সময়ত এই ঐতিহাসিক ক্ষেত্ৰখনৰ সেহতীয়া অৱস্থা বুলি শ্বেয়াৰ কৰা হৈছে।

ভিডিওত দেখা গৈছে লালকিল্লাৰ চৌহদটো পানীৰ সোঁতত একপ্ৰকাৰ জলপ্ৰপাতলৈ পৰিণত হৈছে। ইয়াত বৰষুণৰ পানীৰ বেগ আৰু বানপানী স্পষ্ট দেখা পোৱা গৈছে।

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত  (আৰ্কাইভ) পাব। 

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

ভাইৰেল ভিডিওটোৰ কী ফ্ৰেমবোৰৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত নিউজ মোবাইলৰ দলে ২৯ জুন, ২০২৪ তাৰিখে মিলি ডাইজেষ্টt  নামৰ ফেচবুক হেণ্ডেলৰ পৰা পোষ্ট কৰা এটা ফেচবুক পোষ্ট লাভ কৰিলে। পোষ্টটোত লালকিল্লা পানীত ডুৱি থকা একেটা ফুটেজ আছিল। যিহেতু এই ভিডিওটো ভাৰতৰ শেহতীয়া বানপানীৰ পৰিস্থিতিৰ আগতেই পোষ্ট কৰা সেয়ে  এইটো স্পষ্ট হয় যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। ভাইৰেল ক্লিপটো পুৰণি আৰু বৰ্তমানৰ বানপানীৰ সৈতে কোনো সম্পৰ্ক নাই।

আমি লক্ষ্য কৰিলোঁ যে ভাইৰেল ভিডিঅ’টোত ইটি নাও স্ৱদেশ নামৰ নিউজ প’ৰ্টেলৰ ল’গ’ আছে। ‘২০২৪ দিল্লী বৰষুণ’ আৰু ‘২০২৪ দিল্লীত বৰষুণৰ সময়ত ৰেড ফ’ৰ্ট’ৰ দৰে মূলশব্দ ব্যৱহাৰ কৰি ইউটিউবত সন্ধান কৰোঁতে, আমি একেটা ভিডিঅ’ ই টি নাও স্বদেশত ২৯ জুন, ২০২৪ তাৰিখে আপল’ড কৰা পাইলোঁ। ভিডিঅ’টোৰ শিৰোনাম আছিল: “প্ৰধানমন্ত্ৰী মোদীৰ ভাইৰেল ভাষণ, দীপাৱলীৰ আগতে লাল কিল্লাত বনোৱা ঝৰ্ণা, দিল্লীত প্ৰথমবাৰৰ বাবে বৰষুণৰ পিছত।”

 

উল্লেখ্য যে এই ক্লিপটো এতিয়া ছ’চিয়েল মিডিয়াত বিভ্ৰান্তিকৰ দাবীৰ সৈতে এয়া সেহতীয়া ঘটনাৰ দৃশ্য বুলি পুনৰ শ্বেয়াৰ কৰা হৈছে। প্ৰকৃততে ভিডিওটো এবছৰতকৈও পুৰণি আৰু দিল্লীৰ বৰ্তমানৰ বানপানীৰ পৰিস্থিতিৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

Times Now Times Now নৱভাৰত আৰু ভাৰত সমাচাৰৰ, যিবোৰ হৈছিল। এন ডি টি ভিৰ মিডিয়া প্ৰতিবেদন পাইছিলোঁ, য’ত উল্লেখ আছিল যে একেটা ভিডিঅ’ টাইমছ নাও নৱভাৰত  আৰু  ভাৰত সমাচাৰৰ  ইউটিউব চেনেলতো উপলব্ধ আছিল।এই ভিডিওবোৰো প্ৰায় একে সময়তে আপল’ড কৰা হৈছিল।  ইয়াৰ উপৰিও, আমি ২৮ জুন, ২০২৪ তাৰিখৰ এনডি টিভি ৰ প্ৰতিবেদনতো এয়া প্ৰকাশ পাইছিল।  এই প্ৰতিবেদন মতে দিল্লীৰ প্ৰচণ্ড বৰষুণৰ সময়ত ৰেড ফ’ৰ্ট প্ৰায় বৰষুণৰ পানীত ডুব গৈছিল।

এই তথ্যৰ দ্ৱাৰাই এইটো স্পষ্ট হয় যে পানীত ডুব যোৱা লাল কিল্লাৰ ভাইৰেল ক্লিপটো শেহতীয়া নহয়, বৰং ২০২৪ চনৰ জুন মাহৰ। এই দাবী বিভ্ৰান্তিকৰ।