গণেশ চতুর্থী উৎসৱৰ সময়ত, এটা বিশাল গণেশ মূর্তি নির্মাণৰ দৃশ্য দেখুওৱা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছিল। বহু ব্যৱহাৰকাৰীয়ে এয়া চেন্নাইত নির্মিত “বিশ্বৰ সবাতোকৈ ডাঙৰ গণপতি মূর্তি” বুলি দাবী কৰিছিল।

এই ভাইৰেল পোষ্টটোৰ লিংক (আৰ্কাইভ) ইয়াত পাব।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।
সুক্ষ্মভাবে পৰীক্ষা কৰাত নিউজমোবাইলে ভিডিওটোত “HooHooCreations80” বুলি এটা ৱাটাৰমাৰ্ক দেখা পায়।অধিক অনুসন্ধানৰ পাছত, একে নামৰ এটা ইনষ্টাগ্ৰাম একাউণ্ট পোৱা গৈছে। তাতেই ২৩ আগষ্টত আপলোড কৰা হৈছিল ভিডিওটো। তাৰ শিৰোনামত আছে: “গণেশ চতুৰ্থী বিশেষ”। ভিডিওটোৰ মন্তব্যত কেইবাজনো ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো AI-ৰ দ্বাৰা সম্পাদিত বুলি উল্লেখ কৰিছে। পৰবৰ্তী সময়ত অনুসন্ধান কৰাত জানিব পৰা গৈছে যে এই একাউণ্টটোৱে প্ৰায়ে একেধৰণৰ AI-ৰ দ্বাৰা সম্পাদিত ভিডিও.পোষ্ট কৰে।
View this post on Instagram
ভাইৰেল ক্লিপটোত কেইবাটাও বৈসাদৃস্য দেখা গৈছে। ইয়াৰ ভিতৰতমূৰ্তি নিৰ্মাতাসকলৰ গতিবিধি ৰবটৰ দৰে দেখা যায়, োতেওঁলোকৰ হাত আৰু ভৰিত বৈসাদৃস্য দেখা যায়। এনে ধৰণৰ বৈসাদৃশ্য এআই-ৰ দ্বাৰা সম্পাদিত ভিডিওতহে দেখা যায়।ইয়াৰোপৰিও, “HooHooCreations80”ৰ ইনষ্টাগ্ৰাম বায়’ত স্পষ্টভাৱে উল্লেখ আছে যে ই এআই-ৰ দ্বাৰা সম্পাদনা ভিডিও-ফটোৰ বাবেহে ব্যবহৃত। তেওঁলোকৰ ইউ টিউব চেনেলতো এয়া “এআই-ৰ দ্বাৰা সম্পাদিত ভিডিওৰ মনোৰঞ্জনৰঘৰ” বুলি উল্লেখ কৰা হৈছে। লগতে উল্লেখ কৰা হৈছে যে ইয়াৰ সকলো ভিডিও’ কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি মনোৰঞ্জনৰ বাবেহে সৃষ্টি কৰা হৈছে।

উল্লেখযোগ্য যে এই বছৰ চেন্নাইৰ মান্নালী এলেকাত ৭,৫০০ খন কিতাপ ব্যৱহাৰ কৰি এটা গণেশ মূৰ্তি নিৰ্মাণ কৰা হৈছিল। এই মূৰ্তি নিৰ্মাণত ৫,০০০ খন ভগৱত গীতাৰ ব্যৱহাৰ কৰা হৈছিল। কিন্তু সেই মূৰ্তিটো ভাইৰেল ভিডিওত দেখা মূৰ্তিটোৰ সৈতে সেই মূৰ্তিটোৰ কোনো মিল নাই।
এই তথ্যৰ পৰাই আমি নিশ্চিতভাৱে ক’ব পাৰো যে চেন্নাইত বিশ্বৰ সবাতোকৈ ডাঙৰ গণেশ মূৰ্তি দেখুওৱা বুলি দাবী কৰা ভাইৰেল ক্লিপটো বাস্তৱ নহয়, ই AI ৰ দ্বাৰা সম্পাদিতহে।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799
