সত্যতা নিৰূপণ : অষ্ট্ৰেলিয়াৰ ৰকেট দুৰ্ঘটনাৰ সৈতে ISROক সাঙৰো ভাইৰেল পোষ্টটো বিভ্ৰান্তিকৰ, ভুৱা

0 229

অষ্ট্ৰেলিয়ত এখন ৰকেট যান উৰণৰ ১৪ ছেকেণ্ডতেই ধ্বংস হোৱাৰ এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাবী কৰা হৈছে যে এই ৰকেট যানখন ভাৰতীয় মহাকাশ গবেষণা সংস্থা (ISRO)ৰ দ্বাৰা নিৰ্মিত মেচিনেৰে তৈয়াৰ কৰা হৈছিল।

ভিডিওটোৰ বিৱৰণিত লিখা আছে : “অষ্ট্ৰেলিয়াৰ উপগ্ৰহ উত্পেক্ষণ ৰকেট উৰণৰ ১৪ ছেকেণ্ডৰ পাছতেই ধ্বংস হয়।  ISROৰ  ইঞ্জিনেৰে বনোৱা হৈছিল এই পকেটটো। বাস্তবৰ মৰুত মোদী চৰকাৰে মাটি চেলেকিবলৈ আৰম্ভ কৰিছে।

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

মূল শব্দ প্ৰয়োগেৰে অনুসন্ধান কৰাত নিউজ মোবাইলৰ দলে এই ঘটনা   ২০২৫ৰ ৩০ জুলাইত অষ্ট্ৰেলিয়াৰ এটা ব্যক্তিগত মহাকাশ সংস্থা গিলমৰ স্পেচ টেকনলজিয়ে চলোৱা প্ৰচেষ্টাৰ সময়ত সংঘটিত বুলি জনিব পাৰে। এই প্ৰচেষ্টা অৱশ্যে উৰণৰ ক্ষন্তেক সময় পাছতেই ধ্বংস হৈছে।

এই মহাকাশ অভিযানৰ সময়ত ISRO কোনো ধৰণে সংযুক্ত হোৱাৰ কোনো তথ্য লাভ কৰা নাই।  ISROৱে ৰকেটৰ ইঞ্জিন নিৰ্মাণ কৰাৰ সন্দৰ্ভতো কোনো তথ্য নাই।

২০২৫ৰ ৩০ জুলাইত বিভিন্ন সংবাদ মাধ্যমত গিলমৰ মহাকাশ সংস্থাটোৱে প্ৰচাৰ কৰা প্ৰেছ বাৰ্তাত তেওঁলোকৰ েই অভিযান সম্পূৰ্ণ ৰূপে থলুৱা প্ৰস্তুতিৰে চলোৱা বুলি স্পষ্ট কৰি দিয়ে।  আৰু কম খৰছতে এই পৰীক্ষা কৰাৰ প্ৰচেষ্টা কৰা হৈছিল।  (এই বাতৰিবোৰ ইয়াতইয়াতইয়াত আৰু ইয়াত চাব পাৰিব।) 

শেষত কব পাৰি যে অষ্ট্ৰেলিয়া উপগ্ৰহ উত্প্ৰেক্ষণৰ সৈতে ISRO কোনো ধৰণে জৰিত নাছিল। ইয়াৰ প্ৰস্তুতি অষ্ট্ৰেলিয়াতে কৰা হৈছিল।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799