সত্যতা নিৰূপণ : সঅপাৰেচন সিন্দুৰৰ পাছত লে: জে: সিঙৰ প্ৰতিক্ৰিয়া বুলি দাবী কৰা পোষ্টটো ভুৱা

0 284

ভাৰতীয় সেনাৰ উপ-সেনাধ্যক্ষ (DCOAS) লেফ্টেনেণ্ট জেনেৰেল ৰাহুল আৰ সিঙৰ ফটোসহ প্ৰচাৰ কৰা এচা পোষ্ট সামাজিক মাধ্যমত ভাইৰেল হৈছে। তেওঁ অপাৰেচন সিন্দুৰ সন্দৰ্ভত মন্তব্য কৰা বুলি দাবী কৰা হৈছে। বিৱৰণিত কোৱা হৈছে, মন্তব্যটোত তেওঁ পাকিস্তানৰ যুদ্ধ শৈলী আৰু C4 (কমাণ্ড, কণ্ট্ৰ’ল, কমিউনিকেচন আৰু কম্পিউটাৰ)-এ ভাৰতীয় সেনাক আশ্বৰ্যচকিত কৰি তুলিছিল।

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাৱ।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

লে:জে’ ৰাহুল আৰ সিঙৰ মন্তব্য বুলি দাবী কৰা কথাখিনিৰ মূল শব্দ প্ৰয়োগ কৰি ইণ্টাৰনেটত বিচৰাত নিউজ মোবাইলৰ  দলে  তেনে ধৰণৰ কোনো তথ্য বিচাৰি নাপালে। এনে ধৰণৰ কিবা কথা কোৱা হ’লে সেয়া নিশ্চয় সংবাদ মাধ্যমত প্ৰকাশ পালেহেঁতেন।

অবশ্যে, ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত লে: জে: ৰাহুল আৰ সিঙে ৪ জুলাইত নতুন দিল্লীত FICCIৰ সমাবেশত ভাষণ দিয়া  ফটোসহ কেইবাটাও বাতৰি দেখা পালো।  The Indian Expressত প্ৰকাশ পোৱা মতে অপাৰেচন সিন্দুৰৰ পাছত এই সংঘৰ্ষৰ সময়ত পাকিস্তানৰ সৈতে  চীন জৰিত থকা প্ৰথমটো চৰকাৰী মন্তব্য। সিঙে প্ৰকাশ কৰে যে, ভাৰতীয় সেনাৰ পাকিস্তানত বিচৰণৰ “live inputs”, অৰ্থাৎ লাইভ তথ্য বেইজিঙে পাকিস্তানক দিছিল।

ভাষণ প্ৰসংগত তেওঁ আৰু কয় যে ভাৰতৰ বিৰুদ্ধে থিয় দিয়া  “তিনি বিৰোধী” হ’ল পাকিস্তান, চীন আৰু তুৰস্ক। সিঙে অভিযোগ কৰে যে চীনে এই অঞ্চলটোক পাকিস্তানক দিয়া অস্ত্ৰ-শস্ত্ৰ পৰীক্ষা কৰিবলৈ ‘‘লাইভ লেব বা পৰীক্ষাগাৰ’’ হিচাপে গণ্য কৰে আৰু ‘‘ধাৰলৈ লোৱা কটাৰী ব্যৱহাৰ’’ কৰাৰ “৩৬টা কৌশল” অনুসৰণ কৰে। তেওঁ বায়ৰকটাৰৰ দৰে ড্ৰ’ন আৰু প্ৰশিক্ষিত কৰ্মীৰ জৰিয়তে পাকিস্তানক সহায় কৰাৰ ক্ষেত্ৰত তুৰস্কৰ ভূমিকাৰ সন্দৰ্ভতো তথ্য প্ৰকাশ কৰে। 

কোনো এটা সংবাদ মাধ্যমৰ বাতৰিৰ ক’তো সেনা বিষয়াজনৰ বক্তব্যত পাকিস্তানে ভাৰতক ইলেক্ট্ৰনিক যুদ্ধ বা চি ৪ চোৰাংচোৱাৰ ক্ষমতাৰে আচৰিত কৰি তুলিছিল বুলি উল্লেখ কৰা নাই। এই অনুষ্ঠানটোৰ প্ৰেছ বিজ্ঞপ্তিত তো তেনে কোনো কথা উল্লেখ কৰা নাই।

অনুষ্ঠানটোৰ নিজা ইউটিউব চেনেল WIONFICCIত লে:জে: ৰাহুল আৰ সিঙৰ ভাষণৰ পূৰ্ণ পাঠসহ অনুষ্ঠানটো প্ৰচাৰ কৰা হৈছিল।

শেষত আমি  PIBৰ এটা সত্যতা নিৰূপণ কোষৰ X পোষ্ট এটা পালো, য’ত ভাইৰেল পোষ্টটোত প্ৰকাশ কৰা কথাবোৰ ভুৱা বুলি কোৱা হৈছে।

শেষত ক’ব পাৰি এই তথ্যসমূহে  লে:জে: ৰাহুল আৰ সিঙৰ বুলি দাবী কৰা মন্তব্যটো সত্য নহয়।