সত্যতা নিৰূপণ : মিছা, হাৰ্টা এটেক হোৱা লালে শ্বাৰুখ খানক হাস্পতালত ভৰ্তি কৰোৱা নাই

0 329

বলিউডৰ চুপাৰষ্টাৰ শ্বহৰুখ খানৰ হাৰ্ট এটেকে বা হৃদ ক্ৰিয়াৰ আঁসোৱাহৰ বাবে তেওঁক হাল্পাতালত ভৰ্তি কৰোৱা বুলি এটা পোষ্ট ভাইৰেল হৈছে। পোষ্টটোৰ সৈতে অভিনেতাজন হাস্পতালৰ বিচনাত শুই থকা এখন ফটোও সন্নিবিষ্ট কৰা হৈছে।

দাবী কৰা হৈছে: “শ্বাহৰুখখান  চিকিৎসালয়ত ভৰ্তি হোবাৰ পাছত গৌৰী খান শোকত ভাগি পৰিছে। হাৰ্ট এটেকৰ বাবে খানক চিকিৎসালয়ৰ আইচিইউত ভৰ্তি কৰোৱা হৈছে। !”

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

অনুসন্ধানৰ আৰম্ভনিতে আমি  কী ৱৰ্ড ব্যৱহাৰ কৰি কোনোবা সংবাদ মাধ্যমে এই সন্দৰ্ভত কোনো বাতৰি প্ৰকাশ কৰিছে নেকি সেয়া চালো। অবশ্যে শ্ৱাহৰুখখান চিকিৎসালয়ত ভৰ্তি হোৱা সন্দৰ্ভত কোনো বাতৰি আমি লাভ নকৰিলো। কিন্তু এনে ঘটনা সংঘটিত হ’লে বিশ্বৰ সংবাদ মাদ্যমত ইয়াৰ বাতৰি গুৰুত্ব সহকাৰে ল’লে হয়।

ইয়াৰ পাছত আমি শ্ৱাহৰুখ খান, তেওঁৰ পত্নী গৌৰী খান দুই সন্তান আয়ান আৰু সপহানাৰ সামাজিক মাধ্যমৰ একাউণ্ট সমূহ পৰীক্ষা কৰি চালো। আমি কোনোজনৰ একাউণ্টত কোনো ধৰণৰ চিকিৎসা সম্পৰ্কীয় তথ্য লাভ নকৰিলো। তেওঁৰ প্ৰযোজনা প্ৰতিষ্ঠান ৰেড চিলিজেও কোনো তথ্য প্ৰকাশ কৰা নাই।

পাছত আমৰ ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আনি ২০২ৰ ২২ আগষ্ট ৰ এটা ফেচবুক পোষ্ট লাভ কৰিলো।   

মূল ফটোখনত বেলেগ এঝন লোককহে হাস্পতালৰ বিচনাত শুই থকা দেখা পালো। ইয়ে স্পষ্ট কৰে যে মূল ফটোখনত শ্ৱাহৰুখ খানৰ মুখখন চুপাৰ ইম্পোজ কৰি লগাই দিয়া হৈছে।   

অধিক স্পষ্ট কৰাৰ প্ৰচেষ্টা কৰাত নিউজ মোবাইলে বলিউডৰ এঝন সাংবাদিকৰ সৈতে কথা পাতি এই সমস্ত ঘটনা এটা উৰা বাতৰি বুলি জানিব পাৰিলো।