সত্যতা নিৰূপণ: জুই লাগি থকা এটা অট্টালিকাৰ পৰা মানুহ জপিয়াই থকা এটা ভিডিও ইৰান-ইজৰাইল সংঘৰ্ষৰ সৈতে সাঙোৰা হৈছে

0 477

দুই লাগি থকা এটা অট্টালিকাৰ পৰা মানুহ জপিয়াই থকা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। বহুতে এয়া ইৰান-ইজৰাইস সংঘৰ্ষৰ সময়ৰ দৃশ্য বুলি দাবী কৰিছে।

ফেচবুক ব্যৱহাৰকাৰী এজনে ভিডিওটো শ্বেয়াৰ কৰি কেুচনত লিখিছে : FB/17/06/2025ইজৰাইলৰ টেল আভিভৰ জিওনিষ্টত ইৰাকৰ মিছাইল আক্ৰমণ, মানুহৱোৰে জ্বলন্ত অট্টালিকাৰ পৰা জপিয়াবলৈ ধৰিছে। l#IranIsraelTensions


ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

ভিডিওটোৰ কী ফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত নিউজ মোবাইলৰ দলে ২০২৫ৰ ১ মাৰ্চৰ এটা  ফেচবুক পোষ্ট দেখা পালে, যত একেটা ভিডিও সন্নিবিষ্ট কৰা হৈছে।  এই পোষ্টটোত উল্লেখ কৰা অনুসৰি এই দৃশ্ ইজৰাইলৰ টাইৱেৰিয়াৰ। এই ঘটনাত ১১টি শিশুসহ ১৭জন লোক আঘাতপ্ৰাপ্ত হৈছিল। জুইৰ পৰা ৰক্ষা পাবলৈ দ্বিতীয় মহলাৰ পৰা বহুলোকে জপয়াইছিল।

আমি ২০২৫ৰ ১ মাৰ্চত প্ৰকাশিত  দ্। জেৰুজালেম পোষ্টৰ এটা ৱাতৰিটো একেটা ঘটনাৰ কথা প্ৰকাশ কৰা দেখা পালো।  এই বাতৰিটোতো  টাইবেৰিয়াৰ দুমহলীয়া ঘৰ এটাত জুই লগা আৰু তাৰ পাছত জুইৰ পৰা ৰক্ষা পাবলৈ বহু লোক জপিওৱাৰ ঘটনাৰ সন্দৰ্ভত উল্লেখ কৰা হৈছিল. এই ঘটনাত ১৭জন লোক আঘাতপ্ৰাপ্ত হোৱা বুলিও উল্লেখ আছে।

মন কৰিবলগীয়া কথাটো হল এই ঘটনা ইৰান-ইজৰাইল সংঘৰ্ষৰ বহু পূৰ্বৰ। ২০২৫ৰ ১৩ জুনত ইজৰাইলে ইৰানৰ নিউক্লিয়াৰ প্ৰকল্পত আক্ৰমণ কৰাৰ পাছতেই আৰম্ভ হৈছিল এই সংঘৰ্ষ। 

গতিকে ভাইৰেল ভিডিওটো যে ইৰান-ইজৰাইলৰ সংঘৰ্ষৰ নহয়, এই সংঘৰ্ষৰ আগতেই সংঘটিত এটা ঘটনাৰহে দৃশ্য সেয়া স্পষ্ট হৈ পৰিল।

If you want to fact-check any story, WhatsApp it now on ‪+91 11 7127 9799‬