মেট্ৰো ৰে’ল এখন এটা প্ৰকাণ্ড খুটাত খুন্দা মৰাৰ ফলত লাইচ্যুত হোৱা এটা ভিডিও সামাজিক মাধ্যমত বহুল প্ৰচাৰ কৰিছে। দাবী কৰা হৈছে যে এই ঘটনা দিল্লীৰ।
ভিডিওটোৰ সৈতে লিখা আছে: দিল্লীত সংঘটিত মেট্ৰো ৰে’লৰ দুৰ্ঘটনাত ৫০০০ লোকৰ মৃত্যু।

ওপৰৰ পো।ষ্টটো ইয়াত (আৰ্কাইভ) পাব।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই ভিডিও সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এইটো AIৰ দ্ৱাৰা সম্পাদিত বুলি প্ৰতিপন্ন হয়।
একে ধৰণৰ শব্দ ব্যৱহাৰ কৰি অনুসন্ধান কৰাত নিউজ মোবাইলৰ দলে দিল্লীত ইমান ডাঙৰ দুৰ্ঘটনা সংঘটিত হোৱা আৰু ইমান সংখ্যক লোক হতাহত হোৱাৰ কোনো তথ্য লাভ নকৰিলে। এনে ডাঙৰ ঘটনা সংঘটিত হলে সেয়া সংবাদ মাধ্যমৰ শিৰোনাম দাখিল কৰিলেহেঁতেন।
ইয়াৰোপৰি, ভিডিওটোৰ কী ফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি এই ঘটনাৰ সৈতে মিলা কোনো ঘটনাৰ ভিডিও বা ফটো বিচাৰি নাপালো। কিন্তু ভালদৰে লক্ষ্য কৰাত ভিডিওটোৰ দৃশ্যসমূহ অসাধাৰণভাবে সাৱলীল, ৰবটৰ দৰে চালচলন আদিলৈ চাই আমি ভিডিওটো কৃত্ৰিম ভাৱে সম্পাদনা কৰা বুলি অনুমান কৰিব পাৰিলো।
ইয়াৰোপৰি AI নিৰ্ণায়ক সজুলি Cantilux ৰ জৰিয়তে ভিডিওটো সন্দৰ্ভত অনুসন্ধান কৰাত ইয়াৰ ৯০ শতাংশ দৃশ্যই AI ৰ দ্বাৰা সম্পাদিত বুলি জানিব পৰা গ’ল।

শেষত, দিল্লীত মেট্ৰো ৰে’ল দুৰ্ঘটনাত ৫০০০ লোক মৃত্যু হোৱা বুলি দাবী কৰা ভিডিওটো সত্য নহয়, ই AIৰ দ্বাৰা সম্পাদিত ভিডিওহে- সেয়া প্ৰমাণ হ’ল।

