মটৰ চাইকেল আৰোহী এজনে দিনৰ পোহৰত এজন লোকক গুলীয়াই হত্যা কৰা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। ভিডিওটোৰ সৈতে থকা কেপচনত এই ঘটনা ভাৰতৰ বুলি দাবী কৰা হৈছে।
সামাজিক মাধ্যম ব্যৱহাৰকাৰী এজনে ক্লিপটো শ্বেয়াৰ কৰি বিৱৰণিত লিখিছে :
“… দিন দুপৰত হত্যাকাণ্ড লাইভ চাওক। ভাইহত, সৰ্বত্ৰ গুণ্ডাৰাজ। মানুহৰ জীৱন পোক-পৰুৱাৰ দৰ হৈছে। ইয়াকে কয় শূন্য সহনশীলতা।”

একে ধৰণৰ ভি়ডিও ইয়াত, ইয়াত আৰু ইয়াত (আৰ্কাইভ) পাব।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা আৰু বিভ্ৰান্তিকৰ বুলি প্ৰতিপন্ন হয়।
ভিডিওটোৰ কী ফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত নিউজ মোবাইলৰ দলে BitChute নামৰ ভিডিও শ্ৱেয়াৰ কৰা প্লেটফৰ্ম এটাই ২০২৪ৰ ৭ অক্টোৱৰৰ এটা ভিডিও দেখা পায়। ভিডিওটোৰ বিৱৰণিত উল্লেখ কৰা অনুসৰি এই ঘটনাটো ব্ৰাজিলৰ জাও পেছোৱাৰ। ঘটনাৰ বিৱৰণি অনুসৰি জুলিয়ৰ ডা ওলিভিয়া নামৰ ২২ বছৰীয়া মটৰ চাইকেলেৰে গৈ থকা যুবক এজনক মটৰ চাইকেলেৰেই যোৱা এজন দুৰ্বৃত্তই আভেনিডা ড’ম মেনুৱেল পেইভিয়াত গুলীয়াই হত্যা কৰে।

আমি ২০২৪ৰ ৪ অক্টোবৰত প্ৰচাৰ কৰা ব্ৰাজিলৰ NBN Paraíbaসহ কেইবাটাও সংবাদ মাধ্যমৰ বাতৰি লাভ কৰো। এই বাতৰিকেইটাৰ লগত সংলগ্ন কৰা ভিডিওৰ ভাইৰেল ভিডিওটোৰ সৈতে মিল আছে।
বাতৰিত প্ৰকাশ কৰা অনুসৰি ২২ বছৰীয়া ডেলিভাৰী বয় জনক জোৱাও পেছোৱাৰ মেন্দাকাৰোৰ সমীপত গুলীয়াই হত্যা কৰে। ফুটেজত মটৰ চাইকেলেৰে যোৱা দুজন আৰোহীক দেখা গৈছে। ইয়াৰে এজনে যুৱকজনলৈ গুলীয়ায়। ইতিমধ্যে প্ৰশাসনে হত্যাকাৰীক চিনাক্ত কৰিছে। অবশ্যে হত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
এনেদৰেই স্পষ্ট হয় দিনৰ পোহৰত সংঘটিত হত্যাকাণ্ডৰ ঘটনাটো ভাৰতৰ নহয়, ব্ৰাজিলৰহে।

