সত্যতা নিৰূপণ: চেন্নাইত হোৱা CPMৰ ৰেড ভলেণ্টিয়াৰ মাৰ্চৰ পুৰণি ভিডিও এটাকেই অলপতে মাওবাদী হত্যা কৰাৰ বিৰোধিতাত উলিওৱা প্ৰতিবাদী সমদলৰ ভিডিও বুলি প্ৰচাৰ কৰা হৈছে

0 374

ছত্তিশগড়ত ২৭জন মাওবাদী নিৰাপত্তাৰক্ষীৰ হাতত নিহত হোৱাৰ ঘটনাৰ পাছত এটা ভিডিও সামাজিক মাধ্যমত বহুল প্ৰচাৰ হৈছে। দাবী কৰা হৈছে যে মাওবাদী হত্যাৰ বিৰুদ্ধে  CPM –এ প্ৰতিবাদ সাব্যস্ত কৰিছে। ভিডিওটোত ৰঙা পোছাক পৰিধান কৰা এদল লোকে শ্লগান দি থকা দেখা গৈছে।

ফেচবুক ব্যৱহাৰকাৰী এডনে ভিডিওটো পোষ্ট কৰি কেপচনত লিখিছে: বীৰসকল… এয়া অমিত শ্বাহৰ…কেন্দ্ৰীয় গৃহ বিভাগৰ বিৰুদ্ধে… প্ৰতিবাদ…মাওবাদীসকলৰ হত্যাৰ বিৰুদ্ধে…যি নহওক কমৰেডসকল… স্বৰাজ আৰু ৰহীমে এতিয়াও হাৰ মনা নাই… বুলেটে মানুহ চিনি নাপায়…এসা স্মৃতি হৈ থাকিব…

যি নহওক, অমিত শ্বাহে বোলে ভয় খাইছে আৰু তেওঁৰ চাকৰিৰ পৰা ইস্তাফা দিছে… 

পোষ্টটো ইয়াত চাব পাৰিব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা  প্ৰতিপন্ন হয়।

ভিডিওটোৰ কী-ফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত নিউজ মোবাইলৰ দলে  সামাজিক মাধ্যমত ২০২৫ৰ ২১ মেত প্ৰচাৰিত একেধৰণৰ ভিডিও দেখা পালে। লক্ষ্যণীয় কথাটো হল এই ভিডিওটো ছত্তিশগড়ৰ ২৭জন মাওবাদী হত্যা কৰাৰ ঘটনাৰ বহু আগতে সামাজিক মাধ্যমত প্ৰচাৰ হৈছে।

ভিডিওটো সুক্ষ্মভাৱে নিৰীক্ষণ কৰাত তাৰ শ্লগানবোৰ ইংৰাজী আৰু তামিল ভাষাত লিখা দেখা গল।  তামল ভাষাৰ শ্লগানত  “24th Party Congress,” বুলি লিখা আছিল। উল্লেখ্য যে ২০২৫ৰ এপ্ৰিলৰ শেষৰ ফালে মাডুৰাইত এটা অনুষ্ঠান আয়োজন কৰা হৈছিল।

ইয়াৰোপৰি , a reels shared by the  CPMৰ ইনষ্টাগ্ৰাম হেণ্ডেলতো ৬ এপ্ৰিল ২০২৫ এটা ৰীল প্ৰচাৰ কৰা হৈছিল।  তাত ৰেড ভলেণ্টিয়াৰ মাৰ্চৰ সৈতে শ্লগানবোৰো দেখা গৈছিল।

২০২৫ৰ ৯ এপ্ৰিলত CPMৰ তামিল নাডু সমিতিৰ ইউটিউব চেনেলতো সেই সমদলটোৰ আকাশমাৰ্গৰ পৰা লোৱা দৃশ্য দেখা পোৱা গৈছে। দুয়োটা ভিডিও ৰিজাই চোৱাৰ পাছত দুয়োটা ভিডিওৰ দৃশ্য একেই বুলি জানিব পৰা গল।

  CPM 24th CPM Party Congress ২০২৫ৰ ২ৰ পৰা ৬ এপ্ৰিললৈ মাডুৰাইত অনুষ্ঠিত হৈছিল। এই অনুষ্ঠানতেই  Red Volunteer Marchৰো আয়োজন কৰা হৈছিল।  দ্য হিন্দু  কাকতত এই অনুষ্ঠানৰ সবিশেষ প্ৰকাশ পাইছিল।

২০২৫ৰ ২১ মেত নামদালা ৰাওসহ ২৭ জন মাওবাদী হত্যা কৰাৰ প্ৰতিবাদত CPMৰ তৰফৰ পৰা বিবৃতি প্ৰকাশ কৰা হৈছিল। অবশ্যে ভাইৰেল ভিডিওটোৰ সৈতে এই ঘটনাৰ সৈতে কোনো ধৰণৰ সাদৃস্য নাই।

এই তথ্যই প্ৰমাণ কৰে ছত্তীশগড়ৰ ঘধটনাৰ বিৰোধিতাত CPM-এ প্ৰতবাদী সমদল উলিওৱা দাবী বিভ্ৰান্তিকৰ আৰু ভুৱা।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799