সত্যতা নিৰূপণ: সপানীৰ তলত বিষ্ণু মন্দিৰৰ ভিডিও ক্লিপটো AI ৰ দ্বাৰা নিৰ্মীত

0 590

স্কুবা ডাইভাৰ্ৰছে পানীৰ তলত সন্ধান কৰি মূৰ্তিৰ সন্ধান উলিওৱা এটা  ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে।  এই ভিডিওটো ইণ্ড’নেছিয়াৰ বালিৰ ওচৰৰ আৰু এটা প্ৰাচীন বিষ্ণু মন্দিৰৰ ভগ্নাৱশেষ বুলি দাবী কৰা হৈছে।  

কেপচনত লিখা আছে: ইণ্ড’নেছিয়াৰ বালিৰ সমীপত সন্ধান পোৱা গৈছে *“ বিষ্ণু মন্দিৰ:”*ৰ। জানিবলৈ পোৱা মতে এইটো ৫০০০+ বছৰ পুৰণি। স্কুবা ডাইভিঙৰ এই স্থানখিনিক  স্থানীয় ৰাইজে *“বালিৰ পানীৰ তলৰ মন্দিৰৰ বাগিছা”*  “পেমুতাৰণ বীচ্চবুলি কয়।  সাগৰতলিৰ বহু মূৰ্তি ইয়াত উদ্ধাৰ হয়। 

একে ধৰণৰ পোষ্ট ইয়াত, ইয়াত আৰু ইয়াত (আৰ্কাইভ লিংক) পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই ফটোবোৰ AIৰ দ্বাৰা সজোৱা বুলি প্ৰতিপন্ন সহ। 

মূল শব্দ প্ৰয়োগ কৰি অনুসন্ধান কৰাত নিউজ মোবাইলৰ  দলে ভাইৰেল হোৱা দাবীটোৰ সন্দৰ্ভত সংবাদ মাধ্যমত কোনো ধৰণৰ বাতৰি দেখা নাপালে।

ভাইৰেল ভিডিওটো ভালদৰে পৰ্যবেক্ষণ কৰাত তাত mbaiartsৰ ৱাটাৰ মাৰ্ক থকা দেখা পোৱা গ’ল। ইনষ্টাগ্ৰাম একাউণ্টটো অনুসন্ধান কৰাত আমি  ওপৰৰ ফালে viral video pinned বুলি লিখা থকা দেখিলো।

পোষ্টটোৰ সৈতে থকা কেপচনৰ লগতে ঘোছণাত কোৱা হৈছে : “সকলোবোৰ ভিডিও কলা প্ৰদৰ্শন আৰু শিক্ষাৰ বাবে AI-ৰ দ্বাৰা নিৰ্মীত। সকলো ধৰ্ম মতলৈ সন্মান জনাই আধ্যাত্মিক  ঐতিহ্য প্ৰচাৰৰ বিনম্ৰ প্ৰয়াস।

 

View this post on Instagram

 

A post shared by Mb Ai Arts (@mbaiarts)

ইয়াৰোপৰি, পে’জটো   “AI কলাৰ জৰিয়তে হিন্দু দেৱ-দেৱীসকলৰ প্ৰচাৰ কৰাৰ নামত উৎসৰ্গা কৰা বুলিও উল্লেখ আছে।

ইয়াৰোপৰি  AI নিৰ্ণায়ক সজুলি Hive Moderation ত ভডিওটো দিয়াত নিউজ মোবাইলে  ভিডিওটো  AI-ৰ দ্বাৰা নিৰ্মীত বুলি নিশ্চিত হয়। 

এনেদৰেই স্পষ্ট হয় পানীৰ তলত হিন্দু মন্দিৰ থকা বুলি দাবী কৰা ভিডিওটো প্ৰকৃততে AI-ৰ দ্বাৰা নিৰ্মীত।

If you want to fact-check any story, WhatsApp it now on ‪+91 11 7127 9799‬