অপাৰেচন সিন্দুৰৰ পাছত সামাজিক মাধ্যমত বহুকেইখন ছবি ভাইৰেল হৈছে। ইয়াৰ ভিতৰত ভাৰতীয় ক্ৰিকেটৰ দুই প্ৰাক্তন অধিনায়ক এম এছ ধোনী আৰু বিৰাট কোহলীৰ ফটো উল্লেখনীয়।
ক্ৰিক হাব কোহলীয়ে শ্বেয়াৰ কৰা এটা পেচবুক পোষ্ট দুয়োজন খেলুৱৈৰ ফটো সম্বলিত এখন ক’লাজ প্ৰচাৰ কৰা হৈছে। পোষ্টটোত লিখা আছে: এমএছ ধোনীৰ সৈতে বিৰাট কোহলী। পোষ্টটোৱে 5.5K লাইক লাভ কৰিছে।

ক্ৰিক ছিষ্টেমৰ আন এটা ফেচবুক পোষ্টত লিখা আছে: বিৰাট কোহলীৰ সৈতে ধোনী। এই পোষ্টটোৱে 1.7K লাইক লাভ কৰিছে।

সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই ফটোবোৰ AIৰ দ্বাৰা সজোৱা বুলি প্ৰতিপন্ন সহ।
ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত নিউজ মোবাইলৰ দলে কোনো এটা নিৰ্ভৰযোগ্য সংবাদ প্ৰতিষ্ঠানে এই ফটোবোৰৰ এখনো ফটো প্ৰকাশ কৰা দেখা নাপালে। এমএছ ধোনী আৰু বিৰাট কোহলীৰ সামাজিক মাধ্যম হেণ্ডেলবোৰতো তেনে কোনো ফটো দেখা পোৱা নগ’ল। তেওঁলোকে এনেধৰণৰ কোনো ফটো শ্বেয়াৰ কৰাৰো কোনো তথ্য পোৱা নগ’ল।
ইয়াৰোপৰি ফটোবোৰ সঁচা যেন লাগিছে যদিও সুক্ষ্মভাবে নিৰীক্ষণ কৰাত এইবোৰ AIৰ দ্বাৰা সজোৱাৰ ইংগিত পোৱা যায়। মুখাৱয়বৰ বিকৃতি, ছাঁবোৰৰ ভিন্নতা, হাত আৰু ফটোৰ পাছফালৰ অংশবোৰ ধূসৰ হোৱা চকু আৰু মুখৰ কাষৰ অংশকে ধৰি কেতবোৰ অংগৰ বৈসাদৃস্য আদিয়ে এয়া AIৰ দ্বাৰা সজোৱাৰ ইংগিত দিয়ে।
Hive Moderation আৰু WasItAI —নামৰ AI নিৰ্ণায়ক সজুলিৰে পৰীক্ষা কৰাত ফটোকেইখন কৃত্ৰিমভাবে সজোৱা বুলি স্পষ্ট হয়।








এই তথ্যই প্ৰমাণ কৰে সেনাৰ সমবেশত থকা এম এছ ধোনী আৰু বিৰাট কোহলীৰ ফটোবোৰ AIৰ দ্বাৰা সজোৱা।