ইজৰাইলৰ একাংশ স্থানত সংঘটিত বনজুইৰ ঘটনা দেশখনৰ ইতিহাসৰ অন্যতম বৃহৎ অগ্নিকাণ্ড বুলি দাবী কৰাৰ সময়তে সামাজিক মাধ্যমত এই বনজুইৰ দৃশ্যসমূহ ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে। ভাইৰেল ভিডিওৰ এটাত দেখা গৈছে যে এখন অগ্নিনিৰ্বাপক বাহিনীৰ এখন গাড়ী হঠাত্ বাগৰি পৰিছে। বহু ব্যৱহাৰকাৰীয়ে এই ফুটেজত দেখা ইজৰাইলৰ অগ্নিনিৰ্বাপক বাহিনীৰ এখন বাহন বাগৰি পৰা ঘটনাটো জেৰুজালেম আৰু টেল আভিভৰ ওচৰৰ। বনজুই নিৰ্বাপনৰ বাবে চেষ্টা চলাই থাকোতেই এই ঘটনা সংঘটিত হৈছিল। এনে সংকটৰ পৰিপ্ৰেক্ষিতত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে বিশ্বৰ দেশসমূহক সহায়ৰ বাবে আবেদন জনোৱা বুলি জানিব পৰা গৈছে।
এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ভিডিওটো পোষ্ট কৰি কেপচনত লিখিছে:
আলহামদুলিল্লাহ
জুই নিৰ্বাপনৰ বাবে যোৱা কিন্নৰৰ/ইল ফায়াৰ ছার্ভিছৰ গাড়ী বাগৰি পৰিল/ ইয়াৰ পাছতো আল্লাহৰ কোনো অবদানকে তোমালোকে অস্বীকাৰ কৰিবা/
আপডেট পাবলৈ পেজৰ সৈতে যুক্ত হওক 👉 GGlobal Ummah News – un

You can check the post here.
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।
ইটালিত অগ্নি নিৰ্বাপক বুলি কোৱা ‘Vigili Del Fuoco’ৰ দৰে কেতবোৰ শব্দৰ ব্যৱহাৰ কৰি গুগলত অনুসন্ধান কৰাত নিউজ মোবাইলৰ দলে গাড়ীখন ইটালিৰ অগ্নি ন্ৰবাপক বাহিনীৰ বুলি জানিব পাৰে। গুগুল ট্ৰেন্সলেটৰ সহায়ত অনুসন্ধান কৰাত আমি ইটালিৰ স্থানীয় ইউটিউব চেনেল ত ২০১৮ৰ ২জুলাইত প্ৰচাৰিত পূৰ্ণ দৈৰ্ঘৰ ভিডিও এটা লাভ কৰিলো। ইটালিতে থকা ভিডিওটোৰ শিৰোনামত এই জুই ইটালিৰ মিলান অঞ্চলৰ মেলেগনানোত সংঘটিত হোৱা বুলি জানিৱ পৰা গৈছে।
ইচালিৰ কেইবাটাও সংবাদ মাধ্যমেও ২০১৮ৰ জুলাইত সংঘটিত হোবা অগ্নিকাণ্ডৰ বাতৰি প্ৰকাশ কৰিছিল। বাতৰিবোৰত উল্লেখ কৰা অনুসৰি অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীখন ২০১৮ৰ ১ জুলাইত বাগৰি পৰিছিল। নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হৈছিল আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দুজনকৈ লোক আঘাতপ্ৰাপ্ত হৈছিল।

এনেদৰেই প্ৰমাণ হয়, ভিডিওত দেখা বনজুই, জুই নুমুওৱা গাড়ী দুৰ্ঘটনাৰ ভিডিওটো জেৰুজালেম আৰু টে আভিভৰ নহয়।

