সত্যতা নিৰূপণ: জেচিবিৰে হাতীক আক্ৰমণ কৰা ভিডিওটো হায়দৰাবাদৰ গুচিৱলি অৰণ্যৰ নেকি? সত্য জানিৱলৈ পঢ়ক  

0 188

হায়দৰাবাদ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সমীপৰ ৪০০ একৰ ভূমিৰ গুচিৱলি অৰণ্য ধ্বংসৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকাৰ সময়তে জেচিবিৰে হাতী এটা উঠাই নিয়াৰ ভিডিও এটা সামাজিক মাধ্যমত ভাইৰেল হৈছে। সম্প্ৰতি চলি থকা প্ৰতিবাদৰ সৈতে সাঙুৰি বহুতে জেচিবিৰে হাতীটোক আক্ৰমণ কৰা বুলি দাবী কৰিছে।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ভিডিওটো পোষ্ট কৰি কেপচনত লিখিছে : হে ভগৱান, এয়া কেনে প্ৰলয়, জীৱ-জন্তুক কিদৰে দয়াহীনভাবে হত্যা কৰা হৈছে! মানুহ কিয় ইমান নিৰ্দয় হৈছে! এতিয়াতো দেখা দিয়া ভগৱান


ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলে  এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন কৰে।

ভিডিওটোৰ কীফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত নিউজ মোবাইলৰ  দলে ২০১৮ৰ  ২ আগষ্টৰ এটা ইউটিউব ভিডিও দেখা পালে। তাৰ ০৬.৪৮ টাইমষ্টাম্পত ভাইৰেল ভিডিওটো দেখা গৈছ।

ইউটিউবৰ ভিডিওটোৰ বিৱৰণিত উল্লেখ কৰা মতে শ্ৰীলংকাৰ হৰৌপঠানাত এই হাতীটোক অইন এটা হাতীয়ে আক্ৰমণ কৰিঠিল। বন বিভাগৰ লোকে হাতীটোক চিকিত্সা প্ৰদান কৰি হাতীটোৰ জখম থকা অংশখিনিৰ শুশ্ৰূষা কৰিলে। কিন্তু দুৰ্ভাগ্যক্ৰমে হাতীটো মৃত্যুমুখত পৰে।

এনেদৰেই স্পষ্ট হয়, হায়দৰাবাদৰ গুচিৱলিত, হাতীৰ ওপৰত আক্ৰমণ চলোৱা বুলি দাবী কৰা কথাটো অসত্য।