0 114

সত্যতা নিৰূপণ: ২০২১ত ৰাহুল গান্ধীয়ে বৈষ্ণো দেৱীলৈ তীৰ্থ কৰিবলৈ যোৱা ক্লিপ এটাকেই ভুৱাকৈ প্ৰচাৰ কৰাল হৈছে

কংগ্ৰেছ নেতা আৰু সংসদৰ ৱিৰোধী নেতা ৰাহুল গান্ধীয়ে মাস্ক পৰিধান কৰি নিৰাপত্তাৰক্ষীৰ ৱেষ্টনীত খোজ কাঢ়ি থকা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। বহুতে ৰাহুল গান্ধীয়ে পদব্ৰজে বৈষ্ণো দেৱীৰ মঠলৈ যোৱা বুলি দাবী কৰিছে।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ভিডিওটো দি কেপচনত লিখিছে: মাঁ বৈষ্ণো দেৱীৰ মন্দিৰলৈ ৰাহুল গান্ধী! আৰু এই যাত্ৰা তেওঁ খোজকাঢ়িয়ে পূৰা কৰিছিল! 

ওপৰৰ চোষ্টটো ইয়াত (আৰ্কাইভ) পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলে  এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন কৰে।

ভিডিওটোৰ কী ফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত নিউজ মোবাইলৰ  দলে ৰাহুল গান্ধীৰ নিজা ইউটিউব চেনেলত ২০২১ৰ ১০ ছেপ্তাম্বৰত প্ৰচাৰিত এটা ভিডিও লাভ কৰিলে। ভিডিওটোৰ ০১.৪৬ টাইমষ্টেপত ভাইৰেল ভিডিওখিনি দেখা গৈছে। ভিডিওটোৰ বিৱৰণি মতে সেয়া ৰাহুল গান্ধীয়ে ২০২১ চনত বৈষ্ণো দেৱীৰ মন্দিৰলৈ যোৱাৰ সময়ৰ। 

এনেদৰেই স্পষ্ট হয়, ভাইৰেল ভিডিওটো শেহতীয়া নহয়, ই ২০২১ চনৰ, সেয়ে ভিডিওটোৰ সৈতে দাবী কৰি তথ্যও সত্য নহয়।