ফুটবলৰ কিংবদন্তি ক্ৰিষ্টিয়ানো ৰ’নাল্ডো আৰু তেওঁৰ বান্ধবী জৰ্জিনা ৰ’ড্ৰিগজে ইছলাম ধৰ্মীয় পোছাক পৰিধান কৰি বহি থকা ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। বহুতে দাৱী কৰা মতে এই ফটোখন ৰমজানৰ মাজতে তোলা।
এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ফটোখনসহ কেপচনত লিখিছে: ৰ’নাল্ড’হঁতে মহান ৰমজানৰ শুভেচ্ছা জনাইছে।

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।
একে ধৰণৰ মূল শব্দ ব্যৱহাৰ কৰি অনুসন্ধান কৰাত নিউজ মোবাইলৰ দলে এনে ধৰণৰ কোনো বিশ্বাসযোগ্য ফটো দেখা পোৱা নগ’ল। ৰ’নাল্ডো আৰু ৰ’ডৰিগজৰ নিজা সামাজিক মাধ্যমৰ একাউণ্টতো তেনে কোনো ফটো দেখা নাপালো।
অবশ্যে ভাইৰেল ফটোখন সুক্ষ্মভাবে নিৰীক্ষণ কৰাত তাত ৱহুকেইটা বিসংগতি দেখা গ’ল, উদাহৰণ স্বৰূপে ছালবোৰ অতি মিহি, ফটোৰ পাছফালটো ব্লাৰ কৰি ৰখা, আদি স্পষ্ট হৈ আছে। এনে কথাবোৰে এয়া AIৰ দ্বাৰা নিৰ্মাণ কৰা বুলি ধাৰণা কৰিব পাৰি। Hive Moderation নামৰ AI অনুসন্ধানকাৰী সজুলিৰ সহায়ত পৰীক্ষা কৰাত এয়া AIৰ দ্বাৰা নিৰ্মীত বুলি স্পষ্ট কৰা হয়।

এনেদৰেই, ফটোখন যে AIৰ দ্বাৰা নিৰ্মীত, সেয়া স্পষ্ট হয়।

