সত্যতা নিৰূপণ : তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডিয়ে কংগ্ৰেছৰ প্ৰতিশ্ৰুতিপত্ৰলৈ শ্ৰদ্ধাঞ্জলি জনোৱা ফটোখন মৰ্ফ কৰা

0 151

তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডিৰ এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। ফটোখনত মুখ্যমন্ত্ৰীজনে নিৰ্বাচনৰ পূৰ্ৱে কৰা কংগ্ৰেছৰ ৬টা প্ৰতিশ্ৰুতিলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ সময়ৰ বুলি দাবী কৰা হৈছে।

ফেচবুকত শ্বেয়াৰ কৰা ফটোখনৰ কেপচনত আছেতেলেংগানাত ৰাইজে এতিয়া দৃষ্টি খানৰ গ্ৰেচ ৰুল গাবলৈ ওলাইছে…

ওপৰৰ পোষ্ট (আৰ্কাইভ)টোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলে  এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই দাবী ভুৱা বুলি প্ৰতিপন্ন কৰে।

তেলেংগানা মুখ্যমন্ত্ৰী কাৰ্যালয় (CMO)ৰ সামাজিক মাধ্যমৰ একাউণ্টবোৰত অনুসন্ধান কৰাত ১৯ ফেব্ৰুৱাৰীত ফেচবুকত পোষ্ট কৰা একে ধৰণৰ এখন ফটো নিউজ মোবাইলৰ দলে দেখিলে।   তাৰ কেপচনত আছিল মুখ্যমন্ত্ৰী ৰেড্ডিয়ে ছত্ৰপতি শিৱাজীৰ জন্মজয়ন্তী উপলক্ষে জুবিলী হিলছত শ্ৰদ্ধাঞ্জলি জনাইছে।

ৰেবন্ত ৰেড্ডিৰ টুইটাৰ হেণ্ডেলতো একেটা অনুষ্ঠানৰে আন ফটোকেইখনমান দেখা পালো। এই ফটোকেইখনতো মুখ্যমন্ত্ৰীজনক একেই সাজতে দেখা গৈছে, যাৰ সহায়ত দুয়োখন ফটো একে অনুষ্ঠানৰ বুলি বুজিব পাৰি।

উল্লেখ্য যে ভাৰতীয় জনতা পাৰ্টী (BJP) আৰু  ভাৰত ৰাষ্ট্ৰ সমিতি (BRS)য়ে কংগ্ৰেছে তেওঁলোকৰ ৬টা প্ৰতিশ্ৰুতি পালন কৰাত ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰাৰ সময়তে এই পোষ্টটো ভাইৰেল হৈছে।

এই প্ৰমাণসমূহৰ পৰাই স্পষ্ট হয় যে ৰেৱন্ত ৰেড্ডিয়ে কংগ্ৰেছৰ প্ৰতিশ্ৰুতি পত্ৰক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বুলি দাবী কৰা ফটোখন ভুৱা।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799