সত্যতা নিৰূপণ:   দিল্লীত ভূমিকম্পৰ সময়ত হোৱা ক্ষতি সন্দৰ্ভৰ ভিডিও বুলি দাবী কৰা ভিডিওটো প্ৰকৃততে ভুৱা

0 171

পথ এটাৰ বিস্তৰ ক্ষতিসাধন হোৱা এটা ভিডিও শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈছে। বহুতে এয়া অলপতে দিল্লীত হোৱা ভূমিকম্পৰ সময়ৰ ভিডিও বুলি দাবী কৰিছে।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ভিডিওটো শ্বেয়াৰ কৰি কেপচন লিখিছে: দিল্লীৰ NCR ত আজি সংঘটিত হোৱা ভূমিকম্পৰ ভয়াবহতা।

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) চাওক।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো পুৰণি বুলি প্ৰতিপন্ন হয়।

ভিডিওটোৰ কী ফ্ৰেমৰ ফটো গুগল ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি ২০২৩ৰ ১৩ ফেব্ৰুৱাৰীৰ এটা ইউটিউব ভিডিও লাভ কৰিলো।  ভিডিওটোত প্ৰকাশ পোৱা অনুসৰি এই ভয়ংকৰ দৃশ্য ২০২৩ৰ তুৰ্কীত হোৱা ভূমিকম্পৰ সময়ৰ।  

আমি তুৰ্কীৰ ভূমিকম্প সন্দৰ্ভৰ এটা বাতৰিও লাভ কৰিলো। বাতৰিটোত ভাইৰেল ভিডিওটোত দেখুৱাৰ দৰে ভিডিও দেখা গৈছে।

এই তথ্যই প্ৰমাণ কৰে, ভাইৰেল হোৱা ভিডিওটো দিল্লীৰ বুলি কৰা দাৱী অসত্য।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799